ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী

Rahul Gandhi

কংগ্ৰেছৰ দেশজোৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি আজি তেওঁৰ বাসগৃহত উপস্থিত হয় দিল্লী আৰক্ষী। যাত্ৰাৰ সময়ত শ্ৰীনগৰত ৰাহুল গান্ধীয়ে ‘মহিলাক এতিয়াও যৌন নিৰ্যাতন চলোৱা হৈছে’ বুলি কৰা মন্তব্যৰ ক্ষেত্ৰত এই সম্পৰ্কীয় তথ্য বিচাৰি দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আজি কংগ্ৰেছ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হয়।

যোৱা ১৬ মাৰ্চত দিল্লী আৰক্ষীয়ে কংগ্ৰেছ নেতাগৰাকীক জাননী জাৰি কৰি যৌন নিৰ্যাতন সন্দৰ্ভত তেওঁক অৱগত কৰা মহিলাসকলৰ সবিশেষ তথ্য বিচাৰিছিল।ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ প্ৰতি সঁহাৰি জনাই আৰক্ষীয়ে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছিল প্ৰশ্নাৱলী। অৱশ্যে এইপৰ্যন্ত ইয়াৰ কোনো সঁহাৰি দিয়া নাই ৰাহুল গান্ধীয়ে।

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সুবিধাৰ্থে আৰক্ষীয়ে ৰাহুল গান্ধীক নিৰ্যাতনৰ বিষয়ে অৱগত কৰা মহিলাসকলৰ সবিশেষ জানিব বিচাৰিছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে আৰক্ষীৰ বিশেষ আয়ুক্ত পৰ্যায়ৰ বিষয়াৰ সৈতে মহিলাসকলৰ বিষয়ে তথ্য আহৰণৰ বাবে গান্ধীৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিছে।

আজি আৰক্ষীৰ দলটো ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হোৱাৰ সমসাময়িকভাৱে কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভি আৰু জয়ৰাম ৰমেশকে ধৰি শীৰ্ষ কংগ্ৰেছ নেতাসকলেও গান্ধীৰ বাসগৃহত উপস্থিত হৈছে।

কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত জাননী জাৰি কৰাৰ কোনো আইনী নজিৰ নাই। ইয়াৰ বিপৰীতে এয়া দিল্লী আৰক্ষীয়ে চলোৱা হাৰাশাস্তিৰ আন এক উদাহৰণ বুলিহে অভিহিত কৰিছে দলটোৱে। দলৰ নেতা পৱন খেৰাই যাত্ৰা সমাপ্ত হোৱাৰ ৪৫ দিনৰ পাছত আৰক্ষীয়ে এতিয়া কিয় এই প্ৰশ্ন কৰিছে বুলি দিল্লী আৰক্ষীক প্ৰশ্ন কৰে।

ইফালে দিল্লী আৰক্ষীৰ সূত্ৰই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, ৰাহুল গান্ধীয়ে যদি তেওঁ কৰা মন্তব্যত উল্লেখ কৰা মহিলাসকলৰ বিষয়ে সবিশেষ তথ্য নিদিয়ে, তেতিয়া তেওঁক আন এখন জাননী প্ৰেৰণ কৰা হ’ব। এয়া ব্যক্তিৰ জীৱন আৰু নিৰাপত্তাৰ সৈতে জড়িত এটা স্পৰ্শকাতৰ গোচৰ বাবে সাক্ষী আৰু প্ৰমাণ নিশ্চিত কৰিবলৈ প্ৰাসংগিক তথ্য সংগ্ৰহৰ কাম কৰি আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।