NORTHEAST NOW (Assamese)

পাকিস্তানত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৪,০০০ অতিক্ৰম

May 13, 2020 8:57 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ লগতে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানটো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুতভাৱে বৃদ্ধি পাইছে।

বিগত ২৪ ঘণ্টাত পাকিস্তানত ২,২৫৫ গৰাকী ব্যক্তিৰ শৰীৰত মহামাৰী ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

পাকিস্তানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা মন্ত্ৰ্যালয়ে বুধবাৰে এই কথা সদৰী কৰে।

বুধবাৰে নতুনকৈ ক’ৰ’না আক্ৰান্ত ২,২৫৫ গৰাকী ব্যক্তিক সামৰি পাকিস্তানত বৰ্তমান মুঠ ৩৪,৩৩৬ গৰাকী ক’ৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, পাকিস্তানত ক’ৰ’নাত আক্ৰান্ত হৈ এতিয়ালৈ ৭৩৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

তদুপৰি, পাকিস্তানত ৮,৮১২ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশতে অকলে ১৩,২২৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ভাৰতৰ আন দুখন চুবুৰীয়া দেশ নেপাল আৰু বাংলাদেশতো ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

নেপালত বৰ্তমানলৈ ১৯৫ গৰাকী লোক ক’ৰ’না ভাৰতৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

Related News