ক’ৰ’নাৰ সংক্ৰমণত মৃত্যু দিল্লীত কৰ্মৰত সৰুপেটাৰ চি আৰ পি এফৰ জোৱান ইক্ৰাম হুছেইনৰ

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ মহামাৰীৰ সংক্ৰমণৰ ফলত দিল্লীত কৰ্মৰত বৰপেটা জিলাৰ সৰুপেটাৰ চি আৰ পি এফৰ এগৰাকী জোৱানৰ মৃত্যু হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

জানিব পৰা মতে, বৰপেটা জিলা সৰুপেটা থানাৰ অন্তৰ্গত বৰবড়িৰ ইক্ৰাম হুছেইন ৩১ নং বেটেলিয়নৰ চি আৰ পি জোৱান হিচাপে দিল্লীত কৰ্তব্যৰত অৱস্থাত আছিল।

বিগত ২৩ এপ্ৰিলত ইক্ৰাম হুছেইনৰ শৰীৰত কোভিড-১৯ উপস্থিতি ধৰা পৰিছিল ৷

আনহাতে, চিকিৎসাধীন অৱস্থাতে দিল্লী ছফৰজং চিকিৎসালয়ত আজি ইক্ৰাম হুছেইন মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিব পাৰে।

এই দুসংবাদ লাভ কৰাৰ পাছতে জোৱান গৰাকীৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ বন্যা বয় ৷

সম্প্ৰতি দিল্লীতে ইক্ৰাম হুছেইনৰ মৃতদেহ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে আৰু মৃতদেহ নিজ গৃহলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

মৃত্যৰ সময়ত ইক্ৰাম হুছেইনে পত্নীসহ দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ৷

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হৈ থকাৰ সময়ত কৰ্তব্যৰত বহু সুৰক্ষা কৰ্মী ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।