বোকাখাতৰ কৰ’নাৰ আতংক, ফাৰ্মাচিৰ গ্ৰাহক কোভিড পজিটিভ

1216 persons cured of COVID-19 in Assam on Tuesday

জ্বৰ-কাঁহ হোৱাৰ বাবে বোকাখাতৰ এখন ফাৰ্মাচিৰ চেম্বাৰৰ এজন চিকিৎসকৰ কাষত  চিকিৎসা গ্ৰহণ কৰা এজন লোকৰ শৰীৰত কভিড১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পাচত সম্প্ৰতি বোকাখাতত ত্ৰাসৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে বোকাখাত মহকুমাৰ লখৌজানৰ ৰাজু ছেত্ৰী নামৰ লোকজনে দুদিনমানৰ আগতে বোকাখাত নগৰৰ মাজমজিয়াৰ নিৰ্মল মেডিকেল নামৰ ঔষধৰ দোকানত চিকিৎসা সেৱা আগবঢ়োৱা ডা৹ কানুকৃষ্ণ বৰদলৈৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিছিল আৰু ঔষধো ক্ৰয় কৰিছিল৷

জ্বৰ-কাঁহ হৈ থকাৰ বাবে তেওঁৰ স্বাব সংগ্ৰহ কৰা হৈছিল৷ পৰীক্ষাত তেওঁৰ শৰীৰত কভিড১৯ৰ সংক্ৰমণ ধৰা পৰাত আজি তেওঁ কহঁৰাৰ বেজা বৈষ্ণৱ ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ইফালে আজি তাৎক্ষণিকভাৱে নিৰ্মল মেডিকেল নামৰ ঔষধৰ দোকানখন মহকুমা প্ৰশাসনে চীল কৰি দিয়াৰ লগতে উক্ত ঔষধ দোকানৰ চিকিৎসক ডা৹ কানুকৃষ্ণ বৰদলৈ, দোকানখনৰ স্বত্বাধিকাৰ নিহাৰ দেৱ আৰু সকলো কৰ্মচাৰীকে কোৱাৰেন্টাইন কৰা বুলি মহকুমা দণ্ডাধীশ ৰণনময় ভৰদ্বাজে জনাইছে৷

মন কৰিব লগীয়া যে ৰাজু ছেত্ৰী নামৰ লোকজনৰ কোনো ভ্ৰমণ বুৰঞ্জী নাই যদিও তেওঁ যোৰহাটৰ এটা গেৰেজত কাম কৰে আৰু প্ৰতিদিনেই কৰ্মসূত্ৰে যোৰহাটলৈ অহাযোৱা কৰে৷

বিগত সময়চোৱাত নিৰ্মল ফাৰ্মাচী নামৰ দোকানখনলৈ আহিছিল ৰাজু ছেত্ৰী৷ দোকানখনৰ অন্য বহু গ্ৰাহকৰ সংস্পৰ্শলৈও আহিছিল তেওঁ৷

ইফালে বহিঃ ৰাজ্যৰ পৰা আহি বোকাখাতৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা মহকুমাটোৰ মৰিয়াহোলাৰ আশিস চুব্বাৰ শৰীৰতো ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷

ইয়াকে লৈ বোকাখাতৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা মুঠ ১০৭জনৰ শৰীৰত কভিড-১৯ৰ সংক্ৰমণ পোৱা গৈছে৷