ক’ৰ’না ভাইৰাছ : ডিগবৈত বহিঃ ৰাজ্যৰ পৰা অহা ৩০৬জনক হোম কোৱাৰেণ্টাইন

অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ পিছত এতিয়া সমগ্ৰ ৰাজ্যবাসী আতংকিত হৈ পৰিছে।

তিনিচুকীয়া জিলাৰ ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত বহি‌ঃ ৰাজ্যৰ পৰা অহা ৩০৬জন লোকক ডিগবৈ স্বাস্থ্য বিভাগে নিজা নিজা ঘৰত হোম কোৱাৰেণ্টাইন কৰি ৰখাৰ লগতে তিনিজনক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে।

ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডা০ নীহাৰিকা বৰাই জানিব দিয়া মতে ডিগবৈ চিকিৎসালয়ত ২০খন কোৱাৰেণ্টাইন বে’ড আৰু ৫খন আইছ’লেচন বে’ড সাজু কৰি ৰখা হৈছে।

আনহাতে দিল্লীৰ নিজামুদ্দিনলৈ যোৱাৰ তালিকাত ডিগবৈ আনন্দ পাড়াৰ নিবাসী জয়দেব চক্ৰৱৰ্তীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত পৰীক্ষাৰ কৰা হৈছিল যদিও তেওঁৰ দেহত COVID-19 নিগেটিভ পোৱা গ’ল।

তদুপৰি স্বাস্থ্য বিভাগৰ ৰেপিড একশ্যন ফৰ্চৰ ডাঃ ৰিগম পেগু আৰু আশা চুপাৰভাইজাৰ দিপীকা ৰাজখোৱাৰ নেতৃত্বত এটি সজাতি দলে বহু লোকৰ ঘৰে ঘৰে গৈ স্ক্ৰিনিং কৰাৰ উপৰিও নিজকে সুৰক্ষিত কৰি  ৰখাৰ লগতে পৰিয়ালকো সুৰক্ষিত কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে।

সাধাৰণ লোকৰ মাজত ক’ৰ’নাৰ পৰা হাত সাৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখি সঘনাই হাত ধুবলৈ সজাগতা সৃষ্টি কৰে আশা চুপাৰভাইজাৰ আৰু আশা কৰ্মীসকলে।