ক’ৰ’না ভাইৰাছ : অসম চৰকাৰক অধিক সতৰ্ক হোৱাৰ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

ক’ৰ’না ভাইৰাচক লৈ উদ্বিগ্ন সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য। নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভট্টাচাৰ্য্যই।

অসমত ‘পজিটিভ কেচ’ পোৱাসকলক চৰকাৰে সু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ কয়। ইয়াৰ উপৰি দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি আহি ঘৰৰ ভিতৰত সোমাই থকা সকলক প্ৰশাসনে চিনাক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ কয়, ‘কোনো কাৰণত যাতে এই মাৰাত্মক ৰোগ বিয়পি নাযায় তাৰ বাবে সকলোধৰণৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।’

তেওঁ আৰু কয়, ‘ৰাইজ খুব সাৱধান হৈ থাকিব লাগিব আৰু ল’কডাউনতো পালন কৰিব লাগিব। চেইনদাল চিঙিবৰ বাবেই লকডাউন দিয়া হৈছে। চৰকাৰে কঠোৰভাৱে এই লকডাউনতো বলবৎ কৰাৰ ব্যৱস্থা কৰিব লাগে।’

আনহাতে আৰু অধিক পৰীক্ষা কৰাৰ ওপৰত জোৰ দি তেওঁ কয়, ‘যিধৰণে পৰীক্ষা হ’ব লাগিছিল সেইধৰণে পৰীক্ষা হোৱা নাই বুলি বিশেষজ্ঞ সকলে কৈ আহিছে। অসমতো অধিক পৰীক্ষাৰ প্ৰয়োজন আছে। প্ৰত্যেকখন জিলাতে একোটাকৈ ক’ৰ’নাৰ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিব লাগে। প্ৰয়োজন সাপেক্ষে OIL, নুমলীগড় তেল শোধনাগাৰৰ পৰা সাহায্য ল’বলৈ চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছো।’

ইপিনে সামাজিক মাধ্যমত আছুৰ নেতৃত্ব বিশেষকৈ সমুজ্জ্বল ভট্টাচাৰ্য্যক আক্ৰমণৰ লক্ষ্য কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘আমি সকলোৱে ল’কডাউন মানি ঘৰত আছো। গোটেই বিষয়টোৱে মানুহৰ জীৱন ৰক্ষাৰ বিষয়। ল’কডাউনৰ সময়ছোৱাত কিছুমানে ছাত্ৰ সন্থাক আক্ৰমণৰ অপচেষ্টা কৰিছে। মই ভাবো যে আমাক কৰা এই আচৰণ সম্পূৰ্ণ অমানৱীয় এটা আচৰণ। ছাত্ৰ সন্থাৰ বিভিন্ন সদস্যই ল’কডাউন মানিও নিজৰ ঘৰৰ কাষত থকা কোনো দুখীয়া ব্যক্তিক প্ৰশাসনৰ লগ লাগি বা অনুমতি লৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি আহিছে।’

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি ভট্টাচাৰ্য্যই কয়, ‘প্ৰথম কথা অখিল গগৈক মুক্তি দিব লাগে। অখিল গগৈৰ লগত অন্যায় কৰিছে চৰকাৰে। ‘কা’ বিৰোধী আন্দোলনৰ লগত জড়িত থকা সকলোকে চৰকাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিব লাগে।’