NORTHEAST NOW (Assamese)

কৰ’নাভাইৰাছ: অসমৰ সকলো শিক্ষানুষ্ঠানলৈ জৰুৰী নিৰ্দেশ শিক্ষা বিভাগৰ

March 14, 2020 10:48 pm · এন ই নাও নিউজ
Updated: March 15, 2020 4:46 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমৰ শিক্ষা বিভাগে কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ অংশৰূপে ৰাজ্যৰ সমূহ শিক্ষানুষ্ঠানলৈ শনিবাৰে জৰুৰী নিৰ্দেশ জাৰি কৰিছে।

শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ নিৰ্দেশটো তৎকালে কাৰ্য্যকৰী হ’ব আৰু ই অহা ১৫ এপ্ৰিললৈকে বাহাল থাকিব।

সকলো শিক্ষানুষ্ঠানতে প্ৰাতঃ সমাৱেশ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আপডেট: জৰুৰী জাননী : ২৯ মাৰ্চলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, ছবিগৃহ, ৰাজহুৱা অনুষ্ঠান

শিক্ষানুষ্ঠানসমূহত সকলো ধৰণৰ প্ৰদৰ্শনী ইত্যাদিৰ আয়োজন নকৰিবলৈ কোৱা হৈছে।

শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীৰ কোনোধৰণৰ শৈক্ষিক ভ্ৰমণ হাতত নল’বলৈ নিৰ্দেশ দিয়া হৈছে।

শিক্ষাৰ্থীসকলৰ মাজত কৰ’নাভাইৰাছক লৈ সজাগতা সৃষ্টিৰ নিৰ্দেশ দিয়া হৈছে।

পাঠদান আৰম্ভ হোৱাৰ পৰা সঘনাই হাত ধোৱা, কাঁহিলে মুখত ৰুমাল লোৱা আদি সুৰক্ষামূলক ব্যৱস্থাৰ বিষয়ে শিক্ষাৰ্থীসকলক সজাগ কৰিবলৈ কোৱা হৈছে।

শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে।

অসমত এতিয়ালৈকে কৰ’নাভাইৰাছত কোনো লোক আক্ৰান্ত হোৱাৰ বাতৰি অহা নাই।

ভাইৰাছবিধত আক্ৰান্ত হৈ বৰ্তমানলৈকে বিশ্বজুৰি ৫৬০৪ গৰাকী লোকৰ প্ৰাণহানি হৈছে।

Related News