২০ হাজাৰ বছৰ পূৰ্বেও এছিয়াত সংহাৰৰ সৃষ্টি কৰিছিল ক’ৰ’নাই! জিন গৱেষণাত ওলাইছে চাঞ্চল্যকৰ তথ্য

coco

ভাৰতৰ লগতে সমগ্ৰে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহাব্যাধি ক’ৰ’নাৰ এইবাৰেই প্ৰথম বিশ্বত আৰ্বিভাৱ হোৱা নাই।

২০ হাজাৰ বছৰ পূৰ্বেও বিশ্বত, বিশেষকৈ পূব এছিয়াত ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰিছিল।

শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ এদল বিজ্ঞানীয়ে চলোৱা গৱেষণাত এই কথা পোহৰলৈ আহিছে যে ২০ হাজাৰ বছৰ পূৰ্বেও পূব এছিয়াত ক’ৰ’নাই মানুহক ত্ৰাসিত কৰি তুলিছিল।

সেই সময়ত ক’ৰ’না ভাইৰাছে আনকি মানুহৰ জিনীয় পৰিৱৰ্তনো সাধন কৰিছিল। বিশ্ব বিখ্যাত বিজ্ঞান পত্ৰিকা ‘কাৰেণ্ট বায়’ল’জি’ত গৱেষকৰ দলটোৱে লাভ কৰা গৱেষণাৰ তথ্য সবিস্তাৰে প্ৰকাশ পাইছে।

গৱেষকৰ দলটোক নেতৃত্ব দিয়া বিজ্ঞানী ইয়াছিন চৌলমীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে আধুনিক প্ৰযুক্তিৰ সহায়ত ২০ হাজাৰ বছৰ পুৰণি জিনৰ বিষয়ে সমীক্ষা চলোৱাৰ সুবিধা পাইছিল।

পূব এছিয়াৰ কমেও ২৬ টা জনগোষ্ঠীৰ ২৫০০ গৰাকী লোকৰ জিনৰ বিশ্লেষণ কৰি গৱেষকৰ দলটোৱে ২০ হাজাৰ বছৰ পূৰ্বেও যে ক’ৰ’নাই মানৱ দেহৰ জিনীয় প্ৰক্ৰিয়াত আঘাত হানিছিল সেই কথাৰ প্ৰমাণ পাইছে।

২০ হাজাৰ বছৰ আগৰ পূৰ্ব পুৰুষসকলৰ জিনৰ প্ৰভাৱ এতিয়াৰ লোকসকলৰ জিনতো আছে বুলি গৱেষকগৰাকীয়ে প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে ভাইৰাছ বিধে সময় যোৱাৰ লগে লগে ইয়াৰ চৰিত্ৰৰ সলনি ঘটাইছে। যিকোনো ভাইৰাছৰ ক্ষেত্ৰতে এনে ঘটনা সংঘটিত হয় বুলিও তেওঁ কয়।

এই গৱেষণাত গৱেষকৰ দলটোৱে চীন, ভিয়েটনাম, জাপান আদি দেশৰ লোকৰ জিন ছিকুৱেন্সি পৰীক্ষা কৰিছিল।