কৰ’নাভাইৰাছ: ৰাজ্য চৰকাৰৰ পদক্ষেপক শলাগ তৰুণ গগৈৰ

Tarun Gogoi

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কৰ’নাভাইৰাছক প্ৰতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে।

কিন্তু চেনিটাইজেচন কেৱল নগৰ অঞ্চলতহে হোৱা বুলি উল্লেখ কৰি গগৈয়ে গাওঁ, চাহবাগিচা আৰু চৰ অঞ্চলতো যুদ্ধকালীন তৎপৰতাৰে ইয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

“উদাহৰণ স্বৰূপে তিতাবৰ মিউনিচিপালিটিয়ে নগৰ অঞ্চলত যেনেদৰে চেনিটাইজেচন কৰিছে ঠিক তেনেদৰে গ্ৰাম্য অঞ্চল আৰু চাহ বাগিচা অঞ্চলত কৰিব পৰা নাই,” গগৈয়ে কয়।

গগৈয়ে লগতে কয় যে তেওঁৰ নিজ সমষ্টি তিতাবৰত চেনিটাইজেচনৰ বাবে জিলা উপায়ুক্তক এক লাখ টকা আগবঢ়াব।

“নগৰ অঞ্চলৰ লগতে তিতাবৰৰ গ্ৰাম্য অঞ্চল আৰু বাগিচা অঞ্চলৰ চেনিটাইজেচনৰ বাবেও সহায়ক হোৱাৰ বাবে যোৰহাট জিলাৰ উপায়ুক্তক ব্যক্তিগতভাৱে ১ লাখ টকাৰ অনুদান আগবঢ়াম,” তেওঁ কয়।

ইফালে লকডাউনৰ মাজতে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত বহুলোকে ভিৰ কৰা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ তেওঁ চৰকাৰক আহ্বান জনায়।

গগৈয়ে কয় যে এয়া চৰকাৰৰ মাজত সু-সমন্বয়ৰ অভাৱৰ ফলশ্রুতি। “এই জটিল সন্ধিক্ষণত ই অক্ষমণীয় অপৰাধ।”

জনসাধাৰণক তেওঁ চৰকাৰৰ নীতি-নিৰ্দেশনা মাচি চলিবলৈ আৰু সামাজিক দূৰত্ব বজাই চলিবলৈ আহ্বান জনায়।