ভাৰতবৰ্ষৰ কোভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্য

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২ মে'ত প্ৰকাশ কৰা তথ্যৰ আধাৰত যুগুতোৱা এক প্ৰতিবেদন

Healthcare workes to go for home visit in Golaghat from 7 May

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কোভিড-১৯এ নৰ সংহাৰ অপ্ৰতিৰোধ্য গতিৰে চলি আছে।

আজিৰ দিনটোলৈকে বিশ্বত ৩,৩৪৫,২০৩ জন  লোক এই মাৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ২,৩৮,৭৮৮ জন আক্ৰান্তৰ। আনহাতে ভাইৰাছ বিধৰ পৰা নিৰাময় লাভ কৰাৰলোকৰ সংখ্যা হৈছে ১,০৫৫,৬৬৩ জন।

আনহাতে আজিৰ দিনটোলৈকে ভাৰতত কোভিড১৯ত আক্ৰান্ত সংখ্যা হৈছে ৩৭,৩৩৬ গৰাকী লোক।

ইয়াৰে ১,২১৮ গৰাকী আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৯,৯৫১ গৰাকী আক্ৰান্ত আজি পৰ্যন্ত কোভিড১৯ৰ পৰা নিৰাময় লাভ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৩০ জানুৱাৰীৰলৈকে দেশত ৮৩,০২০১ টা স্বাস্থ্যৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত লকডাউনৰ ম্যাদ অহা ৪ মে’ পৰা আৰু দুসপ্তাহলৈ বৃদ্ধি কৰিছে।

ইফালে দেশত ক’ৰ’না সংক্ৰমণৰ চৰিত্ৰলৈ লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যসমূহৰ জিলাসমূহক ইতিমধ্যে ৰেড জ’ন, অৰেঞ্জ জ’ন আৰু গ্ৰীণ জ’নত বিভক্ত কৰিছে। উক্ত তিনিটা জ’নত লকডাউনৰ নীতি-নিয়ম তথা নিৰ্দেশাৱলীৰ কিছু তাৰতম্য ঘটোৱা হৈছে।

হেল্পলাইন

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কোভিড১৯ সম্পৰ্কীয় হেল্পলাইনৰ লগতে এটা ইমেইলো মুকলি কৰিছে।

হেল্পলাইন নম্বৰটো হৈছে- ৯১-১১-২৩৯৭ ৮০৪৬ আৰু ইমেইল আইডিটো হ’ল- ncov2019@gmail.com