বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়ত কৃষিমন্ত্ৰী অতুল বৰাৰ নিজৰ পঞ্চায়ত৷ কিয়নো এই পঞ্চায়ততে মাটি ক্ৰয় কৰি নিৰ্বাচনৰ বাবেই বোকাখাতৰ বাসিন্দা হৈছিল অতুল বৰা৷
পঞ্চায়তখন অসম গন পৰিষদ দলৰ দখলত৷ এই পঞ্চায়তখনত হোৱা সীমাহীন দূৰ্নীতিৰ কথা ইতিমধ্যেই পোহৰলৈ আহিছে৷
ম’হমাইকী গাঁও পঞ্চায়তৰ সভাপতিজন অতুল বৰাৰ সোঁহাত স্বৰূপ৷ এই গৰাকী সভাপতিৰ ছত্ৰছায়াতেই গাঁও পঞ্চায়তখনত বিভিন্ন কৌশলেৰে দুৰ্নীতি চলি আছে৷
এই সম্পৰ্কত চলোৱা আমাৰ এক অনুসন্ধানত এনে বহু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে৷
কান্ত কৰ্মকাৰ ম’হমাইকী গাঁও পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ড কাকজানৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এগৰাকী হিতাধিকাৰী৷ কান্ত কৰ্মকাৰ নামৰ এই হিতাধিকাৰীজনৰ গৃহ নিৰ্মাণৰ নামত চলিত বৰ্ষৰ ৭ জুলাইলৈকে দুটাকৈ কিস্তিত মুঠ ৮১,২৫০ টকা ওলাই যোৱাৰ পাছতো কাকজানত আজিলৈকে ঘৰ নিৰ্মাণ কৰা নাই এই কান্ত কৰ্মকাৰে৷
আমাৰ হাতত পৰা তথ্য মতে ম’হমাইকী গাঁও পঞ্চায়তৰ বিভাগীয় তথ্যত কান্ত কৰ্মকাৰ ঘৰৰ ভেটি নিৰ্মাণৰ ভুৱা ফটো জিঅ’ টেক কৰা হৈছে আৰু এই তথ্যৰেই কান্ত কৰ্মকাৰৰ গৃহ নিৰ্মাণৰ ধন পঞ্চায়তৰ পৰা উলিয়াই নিয়া হৈছে৷
বিভাগীয় তথ্যত কাকজানৰ ৱাৰ্ড সদস্য সবিতা তাঁতী আৰু তেওঁ স্বামীৰ দীপক কৰ্মকাৰৰ উপস্থিতিত কাকজানতে জিঅ’ টেগ কৰা দুখন ফটো আপলোড কৰা হৈছে যদিও জিঅ’ টেগ কৰা স্থানত আজিও গৃহ নিৰ্মাণ কৰা নাই কান্ত কৰ্মকাৰে৷
অনুসন্ধানত কান্ত কৰ্মকাৰৰ জব কাৰ্ড আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ পঞ্জীয়নত যথেষ্ট আসোঁৱাহ ধৰা পৰিছে৷
আৱাস যোজনাৰ পঞ্জীয়নত কান্ত কৰ্মকাৰৰ পিতৃৰ নাম নন্দ কৰ্মকাৰ আৰু জব কাৰ্ডত কান্ত কৰ্মকাৰৰ পিতৃৰ নাম মতিলাল কৰ্মকাৰ বুলিহে উল্লেখ আছে৷
এতিয়া এই মতিলাল কৰ্মকাৰৰ পুত্ৰ কান্ত কৰ্মকাৰৰ জব কাৰ্ডৰ জড়িয়তে নন্দ কৰ্মকাৰৰ পুত্ৰ কান্ত কৰ্মকাৰক গৃহ নিৰ্মাণৰ ২৪ দিনৰ হাজিৰা ৬,১৫০ টকা প্ৰদান কৰিছে ম’হমাইকী গাঁও পঞ্চায়তে৷
মন কৰিব লগীয়া যে কান্ত কৰ্মকাৰ নামৰ লোক জনে ম’হ মাইকী গাঁও পঞ্চায়তত আজিও প্ৰাধান মন্ত্ৰীৰ আৱাস গৃহৰ ঘৰ নিৰ্মাণ কৰা নাই৷ ক’ত গ’ল কান্ত কৰ্মকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ?