• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতি : অতুল বৰাৰ সমষ্টিত ৭ লাখ টকাৰ ৰাস্তাত পৰিল মাত্ৰ দুই গাড়ী শিলগুটি

উত্তম কুমাৰ শৰ্মা by উত্তম কুমাৰ শৰ্মা
July 11, 2023 7:45 pm
2k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ডেৰশ মিটাৰ দৈৰ্ঘ্যৰ এটা গ্ৰাম্য উপ পথৰ উন্নীতকৰণৰ বাবে বছৰ বছৰ ধৰি হাহাকাৰ কৰি আহিছে বোকাখাতৰ এখন গাঁৱৰ বাসিন্দাই।

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহীৰ পুৰণা সত্ৰ (স্থানীয় ভাবে ৰাধাচুক বুলি পৰিচিত) নামৰ গাঁৱখনৰ ৰাইজে এটা সুচল পথৰ বাবে দীৰ্ঘদিনৰ পৰাই কৰি আহিছে হাহাকাৰ ।

উল্লেখযোগ্য যে বিগত সময়চোৱাত সমষ্টিটোৰ পৰা নিৰ্বাচিত বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও বিধায়কে কাৰ্যকাল সমাপন কৰি গ’ল যদিও কোনো এগৰাকী বিধায়কেও আগ্ৰহ প্ৰকাশ নকৰিলে ঐতিহাসিক ঠাইখনৰ মাত্ৰ ডেৰশ মিটাৰ পথটোৰ মেৰামতি বা নতুনকৈ নিৰ্মান কৰি উলিওৱাৰ ক্ষেত্ৰত। লক্ষণীয়ভাৱে নিৰ্বাচিত প্ৰতি গৰাকী বিধায়কৰ কেৱল প্ৰতিশ্ৰুতিতে বন্দী হৈ থাকিল গাঁৱবাসীৰ এটা উন্নত যাতায়তৰ সপোন।

ইফালে আঞ্চলিকতাবাদৰ সহানুভূতি লৈ ২০১৬ চনত ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে বোকাখাত বিধান সভা সমষ্টিলৈ নিৰ্বাচিত হৈ অহা বৰ্তমানৰ জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰায়ো গাওঁ বাসীৰ সমস্যা সমাধানৰ প্ৰতি নেদেখুৱালে কোনো বিশেষ তৎপৰতা। কেৱল নামতহে আঞ্চলিকতাবাদীৰ মোহৰ লগাই ফুৰা অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দুটাকৈ কাৰ্যকালত বোকাখাত বিধান সভা সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত প্ৰকৃততে কি কৰি আছে সেয়া স্পষ্ট হৈছে ইতিমধ্যে সমষ্টিটোৰ গ্ৰামাঞ্চলত সঘনাই হৈ থকা জনসাধাৰণৰ প্ৰতিৰোধ আৰু প্ৰতিবাদী কাৰ্যসূচীবোৰতেই।

তাৎপৰ্যপূৰ্ণ কথা যে আধাৰশিলাৰ ৰাজনীতিৰে সমষ্টিত চমক দি ধনবল,বাহুবলৰে দুবাৰকৈ বিধায়ক পদ দখল কৰা মন্ত্ৰী অতুল বৰাৰ কাৰ্যকালতে ২০১৭ চনত পথচোৱাত এটি আধাৰশিলা স্থাপন কৰি ৭,৫২,০২০ টকাৰ এটি আঁচনি মুকলি কৰা হৈছিল যদিও কাৰ্যক্ষেত্ৰত মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ ঠিকাদাৰজনে মাত্ৰ দুগাড়ী শিলগুটি পেলাইয়েই দায়িত্ব সামৰিছিল পথচোৱাৰ নিৰ্মাণৰ কাম।আৰু তাৰেই সাক্ষী হৈ আজিও হাবি জংঘলৰ মাজত পৰি আছে “উন্নয়ণৰ আধাৰশিলা”। যাৰ পৰিণতিত বাৰিষা হ’লেই বোকা-পানীৰে পৰিপূৰ্ণ গেলা নৰ্দমাসদৃশ হৈ পৰা উক্ত ডেৰশ মিটাৰৰ পথটোৰেই দৈনন্দিন যাতায়ত কৰি আহিছে গাওঁখনৰ ৰোগী, প্ৰসূতি,বৃদ্ধকে আদি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা গাওঁবাসীয়ে।

স্থানীয় ৰাইজৰ অভিযোগ -সমস্যা সম্পৰ্কে সংশ্লিষ্ট বিভাগৰ লগতে কাষতে থকা কুৰুৱাবাহী গাওঁ পঞ্চায়তক অৱগত কৰাৰ পাছতো পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে কোনেও।

শেহতীয়াকৈ যোৱা দেওবাৰে গাঁৱখনত উপস্থিত হয়গৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ এটা দল। জিলা উপ সভাপতি ৰাহুল দাসৰ নেতৃত্বত যোৱা সংগঠনটোৰ বিষয়ববীয়া সকলে গাওঁ বাসীয়ে ভুগী অহা সমস্যাৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় বিধায়কক দোষাৰোপ কৰাৰ লগতে পথচোৱাৰ শীঘ্ৰেই মেৰামতি বা নতুনকৈ নিৰ্মানৰ বাবে দাবী জনাইছে সংশ্লিষ্ট বিভাগৰ লগতে বোকাখাতৰ বিধায়ক অতুল বৰাক।

Recent News

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd