১২০ গৰকিলে চিৰযৌৱনা কটনে : জন্ম জয়ন্তীত উকা দেৱদাৰু নগৰী, কি কয় কটনীয়ানে

index

ঐতিহ্যমণ্ডিত কটন ৰাজ্যিক বিশ্ববিদ্যালয়ে আজি ১২০টা বসন্তত গৰকিলে।  মহাবাহুৰ পাৰত নিজৰ স্বকীয় গৰিমাৰে  আজিও জিলিকি আছে কটন ।

১১৯ বছৰে কটনে পাতি আহিছিল প্ৰতিষ্ঠা দিৱস৷ কিন্তু  ক’ৰ’না সন্ত্ৰাসৰ বাবে হোৱা ল’কডাউনৰ ফলত প্ৰতিষ্ঠা হোৱা দিনটোত প্ৰথম বাৰৰ বাবে পূৰ্বৰ দৰে জাকমকতাৰে উদযাপন নহ’ল কটনৰ প্ৰতিষ্ঠা দিৱস৷

“প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব নোৱাৰটো আমাৰ বাবে দূৰ্ভাগ্য৷ আজিৰ দিনটোতে হোষ্টেল সমূহ খালী কৰি চৰকাৰক গোটাই দিম৷ ছাত্ৰ-ছাত্ৰীসকলৰ আৰু কৰ্মচাৰীসকলৰ ফালৰ পৰা দুখ প্ৰকাশ কৰিছো যদিও ব্যক্তিগত ভাৱে নহয় পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰিছো৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই তেখেতৰ বক্তৃতা কটন বিশ্ববিদ্যালয়ৰ ইউ টিউৱ চেনেলৰ জৰিয়তে দিছে”  বুলি কয় কটন বিশ্ববিদ্যালয়ৰ সাধৰন সম্পাদক ৰাহুল বৰদলৈয়ে৷

আনহতে প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয,  “২৭  মে কটনিয়ানসকলৰ বাবে এক উৎসৱৰ দিন। নিজৰ জন্ম দিনৰ পিছতেই  ২৭  মে’ দিনটোক কটনীয়ানসকলে নিজৰ প্ৰতিভা আৰু মেধাৰ লগত পৰিচয় কৰোৱা দিন হিচাপে উদযাপন কৰে। কিন্তু আজি ১১৯ বছৰীয়া পৰিক্ৰমাত এইবেলি পোন প্ৰথম বাৰ ক’ৰ’না মহামাৰীৰ সংহাৰৰ বাবে প্ৰতিষ্ঠা দিনটো উদযাপন কৰিব পৰা নগল।”

২০১৬ চনত ভাৰতৰ ভিতৰতে ৩ নম্বৰ কলেজ কটন কলেজক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাত সকলো কটনিয়ানৰ আক্ষেপ আছে বুলি উল্লেখ কৰি কলিতাই কয়  ” সময়ৰ আহ্বানত আমি সকলোৱে মানি লবলৈ বাধ্য। আজিৰ এই শুভ ক্ষণত কটন বিশ্ববিদ্যালয়ে কটন কলেজৰ সম মৰ্যদা লাভ কৰক বুলি আশা কৰাৰ লগতে অসম চৰকাৰক কটনৰ সমস্যা যেনে পৰ্যাপ্ত ক্লাছ ৰুম, শিক্ষকৰ অভাৱ, হোষ্টেলৰ অভাৱ, খেল পথাৰৰ অভাৱ, নতুন বিভাগ সংযোগ কৰা, বন্ধ চৌহদ, ঐতিহাসিক ঘৰসমূহৰ সংৰক্ষণ আদি বিষয় সমূহ সমাধান কৰিবলৈ দাবী জনালোঁ।”

যেতিয়াই  জাতিলৈ দুৰ্যোগ নামি আহিছে৷ সেই সময়ত প্ৰতিটো পলতে  প্ৰতিবাদী কণ্ঠ হিচাপে থিয় দিছে কটনে৷