NORTHEAST NOW (Assamese)

ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফলক লৈ উত্তপ্ত কটন বিশ্ববিদ্যালয়ৰ চৌহদ

October 7, 2018 7:57 am · অনিৰ্বাণ পাঠক
শনিবাৰে অনুষ্ঠিত হোৱা কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ এটি দৃশ্য। ফটো : ইউ বি

শনিবাৰে অনুষ্ঠিত হৈ যোৱা কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পৰা নাই। কিয়নো পুনৰ ভোটগননাৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ চৌহদ এতিয়াও উত্তপ্ত হৈ আছে।

একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভোট গননাত খেলিমেলি হোৱাৰ অভিযোগ তুলি বিশ্ববিদ্যালয়ৰ নিৰ্বাচন কমিটিক বাৰম্বাৰ পুনৰ ভোট গননাৰ দাবী কৰি অহাৰ পাছতো গুৰুত্ব নিদি কমিটিখনৰ সদস্যসকলে ভোট গননাৰ স্থান ত্যাগ কৰাত ছাত্ৰ-ছাত্ৰীসকল ক্ষুন্ন হৈ পৰে।

উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কক আৱদ্ধ কৰি ৰাখে।

আনহাতে, উপ-সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ বাবে দেওবাৰে পুৱা ৮ বজাৰ পৰা পুনৰ ভোটগননা অনুষ্ঠিত হ’ব। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানি পুৱতি নিশা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ঘোষণা কৰিবলৈ বাধ্য হয়।

ইপিনে, এই দুটা পদৰ বিসংগতিৰ অভিযোগৰ বাবেই  বাকী পদবোৰৰ কোনো এটাৰেই ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এইবাৰ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মুঠ ১৮ টা পদৰ বিপৰীতে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল।

টেনিচ শাখাৰ সম্পাদক আৰু হকী শাখাৰ সম্পাদক পদত এজনকৈ ছাত্ৰই প্ৰাৰ্থিত্ব আগবঢ়াইছিল। সেয়েহে তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।

Related News