লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰেৰে ৪৮ ঘণ্টীয়া ধৰ্মঘটত বহিল কটনিয়ান

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে কটন বিশ্ববিদ্যালয়ক প্ৰৱঞ্চনা কৰি অহাৰ প্ৰতিবাদত আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰেৰে আজিৰ পৰা ৪৮ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে।

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা কটনিয়ান সকলে তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক আহ্বান জনাই অহাৰ পিছতো চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

এই ধৰ্মঘট কাৰ্যসূচীৰ নেতৃত্ব দি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়, ‘আমি দীৰ্ঘদিন ধৰি কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বিষয়ে মাত মাতি আহিছো। কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ কৰা দেখা যোৱা নাই। এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনক বিশ্ববিদ্যালয়ৰ মৰ্যদা দিয়াৰ পাছত এতিয়া চৰকাৰে সমস্যা সমুহ সমাধান নকৰি ইয়াক ধ্বংসৰ গৰাহলৈ থেলি নিছে’।

বিশ্ববিদ্যালয়খনৰ ১৪৯ টা শিক্ষকৰ পদ খালি হৈ থকা বুলি প্ৰাতিবাদ স্থলীত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰকাশ কৰে। খালী হৈ থকা পদসমুহ পূৰণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নকৰাৰ বাবে ছাত্ৰ-ছাত্ৰী মাছুলৰ টকাৰে বিশ্ববিদ্যালয়খনত নিযুক্ত অস্থায়ী শিক্ষকসকলক দৰমহা দিবলগীয়া হৈছে বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনৰ কম্পিউটাৰ বিভাগ, গণসংযোগ আৰু সাংবাদিকতা বিভাগ আৰু জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগ চৰকাৰী অনুমোদিত নোহোৱাৰ বাবে বিভাগ তিনিটাত অধ্যয়ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথেষ্ট ব্যয়বহুল হয় বুলিও তেওঁ জানিবলৈ দিয়ে।

বিশ্ববিদ্যালয়খনৰ এই সমস্যাসমুহৰ প্ৰতি গুৰুত্ব নিদিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰিবলৈও বাধ্য হ’ব বুলি ছাত্ৰ একতা সভাই প্ৰকাশ কৰে।