বিবাহৰ বাবে বিচাৰি পোৱা নাই পাত্ৰী, আৰক্ষীকেই দায়িত্ব দিলে ডাংবৰলাই

বিবাহৰ বয়স পাৰ হৈ গৈছে। বন্ধুবৰ্গৰ পৰা আত্মীয়লৈকে, সকলোকে কইনা বিচাৰিবলৈ কোৱা হৈছে। কোনেও বিচৰা বিচাৰি পোৱা নাই কইনা । অৱশেষত কইনা বিচাৰি দিবৰ বাবে আৰক্ষীৰ ওচৰত আবেদন জনালে এজন অবিবাহিত যুৱকে।

ঘটনাটো সংঘটিত হৈছে কেৰালাৰ কাডাক্কালত । অনিল জন নামৰ এজন ৩২ বছৰীয়া ব্যক্তি খুবেই অকলশৰীয়া। তেওঁ বাতৰি কাকত বিতৰণ কৰি আৰু লটাৰী টিকট বিক্ৰী কৰি কোনো মতে জীয়াই আছে। তেওঁক এজন সঙ্গীৰ প্ৰয়োজন হৈছে। কিন্তু বিয়া কৰিবলৈ কইনা বিচাৰি পোৱা নাই। 

যিহেতু যুৱকজনৰ এটা চকুত সামান্য সমস্যা আছিল, সেয়ে কোনেও তেওঁক বিয়া কৰিবলৈ সন্মত হোৱা নাছিল।

অৱশেষত, যুৱকজন আৰক্ষীৰ ওচৰলৈ যাবলৈ বাধ্য হয়। তেওঁ আৰক্ষীক তেওঁৰ বাবে কইনা বিচাৰিবলৈ আবেদন কৰে। আৰক্ষীয়ে অভিযোগটো গ্ৰহণ কৰিবলৈ হয়। তেওঁলোকে গম পালে যে যুৱকজনৰ সকলো কথা সঁচা। 

কিন্তু আৰক্ষীৰ কাম কইনা বিচাৰি ফুৰা নহয়। সেয়ে তেওঁলোকে যুৱকজনক ঘটকৰ ওচৰলৈ লৈ যায়। কিন্তু ঘটকেও এতিয়ালৈকে, যুৱকজনৰ কইনা পোৱা হোৱা নাই।