৫ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত ক’ৰিওগ্ৰাফাৰ ৰেম’ ডি’ছুজাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি
ক’ৰিওগ্ৰাফাৰ ৰেম’ ডি’ছুজা কেইবছৰমান আগতে চলচ্চিত্ৰ পৰিচালক হিচাপে ভূমুকি মাৰি সাফল্যও লাভ কৰিছে। কিন্তু এইবাৰ তেওঁ শলঠেকত পৰিছে প্ৰতাৰণাৰ অভিযোগত।
ছবিখন মুক্তি পালেই বিনিয়োগকাৰীৰ ধন দুগুণ হ’ব। গতিকে লাভো হ’ব তেনেদৰে দুগুণ। এনেধৰণৰ প্ৰতিশ্ৰ্ৰুতি দিয়েই ৰেম’ই এগৰাকী ব্যৱসায়ীৰ পৰা টকা লৈছিল।
ব্যৱসায়ীগৰাকীয়ে বলিউদৰ জনপ্ৰিয় কৰিওগ্ৰাফাৰ তথা পৰিচালকগৰাকীৰ প্ৰতিশ্ৰুতিত ভোল গৈ ধন বিনিয়োগ কৰিছিল। কিন্তু টকা দুগুণ হোৱাটো দূৰৰে কথা তেওঁ মূল টকাখিনিও ঘুৰাই নাপালে।
উত্তৰ প্ৰদেশৰ ব্যৱসায়ীগৰাকীয়ে এনে অভিযোগেই আনিছে। উক্ত অভিযোগৰ ভিত্তিত ৰেম’ ডি’ছুজাৰ বিৰুদ্ধে গাজিয়াবাদৰ এখন আদালতে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।
প্ৰায় তিনিবছৰ পূৰ্বে ২০১৬ চনত ঘটনাটো সংঘটিত হৈছিল।
গাজিয়াবাদৰ ব্যৱসায়ী সত্যেন্দ্ৰ ত্যাগীয়ে জানিবলৈ দিয়া মতে সেই সময়ত ‘অমৰ মাষ্ট ডাই’ নামৰ ছবিখনৰ বাবে ৰেম’ই তেওঁৰ পৰা ৫ কোটি টকা লৈছিল।
ছবিখন মুক্তি পোৱাৰ পাছত তেওঁক দুগুণ অৰ্থাৎ ১০ কোটি টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল পৰিচালকগৰাকীয়ে। কিন্তু ব্যৱসায়ীগৰাকীয়ে আজিলৈকে তেওঁ মূল ৫ কোটি টকাটোৱে ঘুৰাই পোৱা নাই।
অৱশেষত ব্যৱসায়ীগৰাকীয়ে গাজিয়াবাদ থানাত অভিযোগ দাখিল কৰিবলৈ বাধ্য হয়। ব্যৱসায়ী ত্যাগী ৰেম’ ডি’ছুজাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰাৰ পাছতেই তদন্ত আৰম্ভ কৰে।
আদালতত গোচৰটোৰ শুনানি চলাৰ পাছত বুধবাৰে গাজিয়াবাদ আদালতৰ অতিৰিক্ত মুখ্য দণ্ডাধীশ মহেন্দ্ৰ ৰাৱাটে ৰেম’ৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ নিৰ্দেশ দিয়ে।
মীৰাটৰ আৰক্ষী অধীক্ষক অতীশ কুমাৰে জানিবলৈ দিয়া মতে আদালতত উপস্থিত থকাৰ কথা আছিল যদিও শুনানিৰ সময়ত ৰেম’ অনুপস্থিত থাকে। সেয়েহে, আইন অনুসৰি গ্ৰেপ্তাৰী পৰোৱানা জাৰিৰ বাবে আবেদন জনোৱা হয়।
ৰেম’ৰ বিৰুদ্ধে জাৰি কৰা এই গ্ৰেপ্তাৰী পৰোৱানা সংশ্লিষ্ট ৰাজ্যৰ স্থানসমূহতো প্ৰেৰণ কৰা হৈছে।