ফণী-কেশৱলৈ আদালতৰ চমন : পদচ্যুত হ’ব নেকি অগপৰ মইবৰ নেতাদ্বয় অতুল-কেশৱ?

আদালতৰ স্থগিতাদেশ স্বত্ত্বেও সাধাৰণ পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰি দায়িত্বভাৰ লৈছিল তিনি নেতাই!

তিনিটাকৈ গুৰুত্বপূৰ্ণ পদৰ পৰা পদচ্যুত হোৱাৰ সম্ভাৱনাই দেখা দিছে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভুষণ চৌধুৰীৰ।

কিয়নো কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে যোৱা ২৭ আগষ্টত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ সভাখনত স্থগিতাদেশ জাৰি কৰিছিল। আদালতৰ নির্দেশটোত অহা ১৯ নৱেম্বৰ পর্যন্ত অধিৱেশন সম্পর্কীয় কোনো সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰা হৈছিল।

কিন্তু সেই নিৰ্দেশনা অগপৰ নেতৃত্বৰ হাতত আহি নোপোৱাৰ অজুহাত দেখুৱাই ২৭ আগষ্টত মাত্ৰ দুঘন্টাৰ বাবে সাদাৰণ পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰি পুনৰবাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল অতুল বৰা।

 

কমিটিখন গঠন কৰি উঠাৰ পাছতহে তেওঁলোকৰ হাতত আদালতৰ নিৰ্দেশনা আহি পৰা বুলি জনাইছিল অগপৰ প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই।

আদালতৰ নিৰ্দেশনাক অবজ্ঞা কৰি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী জিলা সমিতিৰ জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰে আদালতৰ কাষ চাপিছিল।

তাৰ পাছতেই উক্ত সভাত গ্ৰহণ কৰা সকলো প্ৰস্তাৱৰ ক্ষেত্ৰতে স্থগিতাদেশ জাৰি কৰাৰ লগতে কোনোধৰণৰ কাৰ্যকৰী নহ’ব বুলি আজি সত্ৰ ন্যায়াধীশ আদালতে নিৰ্দেশ দিয়ে।

ইপিনে, অধিৱেশনৰ দিনটোত উপস্থিতিৰ চহী, প্ৰচেছিং বুক, চিচি টিভিৰ ফুটেজ আৰু সভাৰ ফটোসূহ সংৰক্ষণৰ নিৰ্দেশ দিয়ে আদালতে।

স্বাভাৱিকতে প্ৰশ্ন হয়, যিহেতু উক্ত সাধাৰণ পৰিষদৰ সকলো প্ৰস্তাৱত স্থগিতাদেশ জাৰি কৰিছে গতিকে অতুল বৰাৰ সভাপতি পদৰ লগতে কেশৱ মহন্তৰ কাৰ্যকৰী সভাপতি পদলৈ নামি আহিব নেকি অশনি সংকেত!

উল্লেখ্য যে আদালতৰ দ্বাৰস্থ হোৱা জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰ নেতৃত্বাধীন গুৱাহাটী মহানগৰ সমিতিখনে নাগৰিকত্ব সংশোধনী আইনখন মুকলিকৈ বিৰুদ্ধাচৰণ কৰা বাবে নিশাৰ ভিতৰতে সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰিছিল অগপৰ শীৰ্ষ নেতৃত্বই।