গৰ্ভপাতৰ গোচৰত আদালতে অৱহেলাৰ পৰিৱৰ্তে তৎপৰতাৰ মনোভাৱ গ্ৰহণ কৰিব লাগেঃ উচ্চতম ন্যায়ালয়
গৰ্ভপাতৰ দৰে গোচৰত অংশগ্ৰহণৰ বাবে অৱহেলাৰ মনোভাৱতকৈ তৎপৰতাৰ মনোভাৱ থকাটো গুৰুত্বপূৰ্ণ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শনিবাৰে গুজৰাট উচ্চ ন্যায়ালয়ক ধমক দি এই মন্তব্য কৰে।
২৭ সপ্তাহৰ গৰ্ভৱতী মহিলাৰ গৰ্ভপাতৰ অনুমতি সম্পৰ্কীয় এটা গোচৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে এই কথা প্ৰকাশ কৰে।
ন্যায়াধীশ বি ভি নাগাৰত্নেৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে দেওবাৰৰ ভিতৰত ধৰ্ষণ বলি হৈ গৰ্ভৱতী হোৱা মহিলাগৰাকীৰ চিকিৎসা প্ৰতিবেদন প্ৰদানৰ নিৰ্দেশ দিয়ে। সোমবাৰে ইয়াৰ প্ৰথমটো গোচৰ হিচাপে শুনানি গ্ৰহণ কৰা হ’ব।
গুজৰাট উচ্চ ন্যায়ালয়ত এই গোচৰত সময় নষ্ট কৰাৰ বিষয়টো দেশৰ শীৰ্ষ আদালতে উপেক্ষা কৰা নাছিল। তাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে এই গোচৰৰ ৰায়দানত ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে।
ন্যায়াধীশ নাগাৰত্ন নেতৃত্বাধীন বিচাৰপীঠৰ ন্যায়াধীশ উজ্জ্বল ভূৱানে এই গোচৰৰ সন্দৰ্ভত কয় যে, “মেডিকেল ৰিপ’ৰ্ট উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল যোৱা ১১ আগষ্টত। কিন্তু ইয়াৰ পৰৱৰ্তী শুনানি ২৩ আগষ্টত অনুষ্ঠিত হ’ব। ইয়াৰ ফলত মূল্যৱান সময় নষ্ট হয়। উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি পলম কৰি ১২ দিন নষ্ট কৰিছে। এই ধৰণৰ গোচৰৰ ক্ষেত্ৰতে অৱহেলাৰ মনোভাৱ নহয়, তৎপৰ কৰ্মৰ মনোভাৱ থকাটো গুৰুত্বপূৰ্ণ।”
১১ তাৰিখে প্ৰতিবেদন লাভ কৰাৰ পিছত গুজৰাট উচ্চ ন্যায়ালয়ে ২৩ তাৰিখে পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰে। কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে ১৭ আগষ্টত মহিলাগৰাকীৰ নিৰাপদ গৰ্ভপাতৰ বাবে কৰা আবেদন নাকচ কৰে। গুজৰাট উচ্চ ন্যায়ালয়ে ইয়াৰ কোনো কাৰণ দেখুৱাব পৰা নাই। ইয়াৰ পিছতে ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱা ২৫ বছৰীয়া মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আৰু উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰে।