NORTHEAST NOW (Assamese)

অকণ স্বস্তি! : নিম্নগামী হৈছে গোলাঘাটত কোভিড আক্ৰান্তৰ সংখ্যা

May 23, 2021 8:19 pm · মীনাক্ষী ফুকন

গোলাঘাটবাসীৰ বাবে কিছু সকাহ। আজি গোলাঘাটত কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

বিগত দিনৰ তুলনাত আজি জিলাখনত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বনিম্ন ৭৭ জন হৈছে।

অৱশ্যে আজিৰ দিনটোত ৪ জন কোভিড ৰোগীয়ে মৃত্যুক সাৱটি লৈছে। অৰ্থাৎ আজিলৈকে গোলাঘাটত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই ৪৬ জন হৈছে।

একেদৰে এইমূহুৰ্তলৈকে জিলাখনত ১০২৫ জন লোকৰ শৰীৰত এই ভাইৰাছ সক্ৰিয় হৈ আছে। ইয়াৰে ৪৫৮ জন ৰোগী হ’ম আইছলেশ্যনত থকাৰ লগতে ১৯০ জন চিকিৎসালয়ত আৰু ৩৭৭ জনক কোভিড কেয়াৰ চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে।

ইফালে আজি চিনাক্ত হোৱা ৭৭ জন ৰোগীৰ কমাৰবন্ধা আলিৰ ১ জন, বোকাখাতত ৩৫ জন, সৰুপথাৰৰ ২২, মিছামৰা ৫, চাৰিঙীয়াত ১২ আৰু ৱাৰ্ডত ২ জনৰ পৰীক্ষা সম্পন্ন হৈছিল।

মৃত্যু হোৱা ৰোগী ৪ জন হৈছে উৰিয়ামঘাট সৰুপথাৰৰ দীপাংকৰ কোঁৱৰ(৪৬), নুমলীগড় বৰচাপৰি চাহ বাগিচাৰ দিগন্ত তামূলী(৫৮), ছটাজান কমাৰবন্ধাৰ মমীনা বেগম(৪৫) আৰু গোলাঘাট চেলেঙীৰ দিলীপ শৰ্মা(৬২)।

ইয়াৰে দিলীপ শৰ্মা গোলাঘাট শ্বহীদ কুশল কোঁৱৰ কোভিড হাস্পাতালত মৃত্যু হোৱাৰ লগতে বাকী তিনিজন যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হয়।

Related News