দেশত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ডেৰ লাখ; ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

coronavirus-death-1-700x375

প্ৰতিনিধিত্বমূলক ফটো

লকডাইন শিথিল কৰি দিয়াৰ পাছৰে পৰা কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে।

দেশত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ডেৰ লাখৰ ওচৰ পাইছে। সেইদৰে, বৃদ্ধি পাইছে মৃত্যুৰ সংখাও।

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ৬৫৩৫টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে আৰু ১৪৬জন লোকৰ মৃত্যু হৈছে।

সেইদৰে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ১লাখ ৪৫ হাজাৰ ৩৮০জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ ভিতৰত ৬০হাজাৰ ৪৯১ জন ৰোগী সুস্থ হৈ উঠিছে আৰু বৰ্তমান ৮০হাজাৰ ৭২২জন লোক চিকিৎসাধীন হৈ আছে।

বৰ্তমানলৈকে ৪১৬৭জন লোকৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

ইতিবাচক কথাটো হৈছে যে সুস্থ হৈ উঠা লোকৰ সংখ্যাও দ্ৰুতভাৱে বৃদ্ধি পাইছে। এইক্ষেত্ৰত সুস্থ হৈ উঠা ৰোগীৰ হাৰ হৈছে ৪১.৬০শতাংশ।

ইপিনে, মহাৰাষ্ট্ৰ কৰ’নাৰ হটস্পট হৈ পৰিছে। ৰাজ্যখনত প্ৰতিদিনে হাজাৰ সংখ্যক লোক আক্ৰান্ত হৈ পৰিছে।

ৰাজ্যখনত এতিয়ালৈকে কৰ’নাত ৫২ হাজাৰ ৬৬৭জন আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ১৬৯৫জন ৰোগীৰ মৃত্যু হৈছে।

মহাৰাষ্ট্ৰৰ পাছতে তেলেংগানাত আটাইতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। ইয়াত আক্ৰান্তৰ সংখ্যা ১৭হাজাৰ ৮২জনলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনত এতিয়ালৈকে ১১৮জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

ইপিনে, গুজৰাটত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ১৪হাজাৰ ৪৬০ জনলৈ বৃদ্ধি পাইছে আৰু এতিয়ালৈকে ৮৮৮জন লোকৰ মৃত্যু হৈছে।

সেইদৰে ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে ১৪হাজাৰ ৫৩জন হোৱাৰ বিপৰীতে ২৭৬জন লোকৰ মৃত্যু হৈছে।