NORTHEAST NOW (Assamese)

১০৫৭লৈ বৃদ্ধি অসমত ক’ভিড-১৯ পজিটিভ, নতুনকৈ চিনাক্ত ৩৩

May 30, 2020 12:23 am · কল্পজ্যোতি শইকীয়া

আৰু ৩৩গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে, মুঠ আক্ৰান্ত ১০৫৭লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে গোলাঘাটৰ ১১, বিশ্বনাথৰ ১১, ওদালগুৰিৰ ন আৰু দৰঙৰ দুগৰাকী ব্যক্তি।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে ৰাতি ১২ বজাৰ পিছলৈকে ১৭৭গৰাকী আক্ৰান্ত চিনাক্ত হৈছে।

বৰ্তমান ৯২৫ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১২৫ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

উল্লেখযোগ্য যে,কিছু সময় পুর্বে একেলগে ৮৯ গৰাকীৰ দেহত পোৱা গৈছিল মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৩০ গৰাকী কামৰূপ, ১৭ গৰাকী তিনিচুকীয়া, গুৱাহাটীৰ ১৪, ধুবুৰী ১৪, কাছাৰ ১০ আৰু ৪গৰাকী ধেমাজিৰ।

আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে ২৫ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত। আক্ৰান্ত সকলৰ ১১ গৰাকী কামৰূপ মেট্ৰৰ, ৮ গৰাকী হোজাই, আৰু ৬ গৰাকী বিমানত অহা লোক।

তাৰ ঠিক কিছুসময় পূৰ্বে ৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ক’ৰ’ণা ভাইৰাছ। আক্ৰান্ত সকলৰ ১৬ গৰাকী গোলাঘাট, ৬ গৰাকী কৰিমগঞ্জ, দুগৰাকী লখিমপুৰ, দুগৰাকী কাছাৰ, দুগৰাকী হাইলাকান্দি, দুগৰাকী কাৰ্বি আংলং।

কালিৰ দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

ৰাজ্যত এসপ্তাহৰ ভিতৰত ছয় শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৯৮২ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News