৬৮গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত শুকুৰবাৰে মুঠ আক্ৰান্ত ৩৪৯৮লৈ বৃদ্ধি পাইছে।
টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
কোন কোন ঠাইৰ ধৰা পৰিছে সেই কথা জনোৱা নাই স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
বৰ্তমান ১৯৫০ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১৫৩৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷
এতিয়ালৈ আঠগৰাকী লোক মৃত্যু মুখত পৰিছে৷ তিনিগৰাকীক স্থানান্তৰিত কৰা হৈছে।
?Alert ~ 68 new #COVID19+ cases reported in Assam today.
↗️Total cases 3498
↗️Recovered 1537
↗️Active cases 1950
↗️Deaths 087:15 PM /June 12/Day’s total 68#AssamCovidCount pic.twitter.com/FybuXRKfsP
— Himanta Biswa Sarma (@himantabiswa) June 12, 2020
কালিৰ দিনটোত ১৪৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।
যোৱা ১০ জুনত ২৩৫ গৰাকী লোক আক্ৰান্ত হৈছে।
মঙ্গলবাৰৰ দিনটোতে ২১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।