অপ্ৰতিৰোধ্য কৰ’না; অসমত ৭১৪লৈ বৃদ্ধি আক্ৰান্ত

COVID19: 2772 persons discharged in Assam on Thursday

প্ৰতিনিধিত্বমূলক ছবি

অসমত বুধবাৰে ৭১৪গৰাকীলৈ লৈ বৃদ্ধি পালে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত ১০ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

এইবাৰ চৰাইদেউ জিলা ৯টা আৰু শিৱসাগৰ জিলাত এটা পজিটিভ কেচ পোৱা গৈছে।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ দিনটোত ৩২ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা।

কিছু সময় পূৰ্বে ১৮ গৰাকী লোকৰ  দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ এগৰাকী কামৰূপ মেট্ৰৰ প্ৰথমগৰাকী বিমান যাত্ৰী, তেওঁ আহমেদাবাদৰ পৰা গুৱাহাটীত পৰহি আহি উপস্থিত হৈছিলহি। বাকী ১৪ গৰাকী গোলাঘাট, ২গৰাকী কাৰ্বিআংলং, এগৰাকী লখিমপুৰৰ।

তাৰ ঠিক কিছুসময় পূৰ্বে  ৪ গৰাকীৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। আক্ৰান্ত সকলৰ ৩ গৰাকী নগাওঁ আৰু এগৰাকী ধেমাজিৰ।

কালিৰ দিনটোত ১৩৪ গৰাকী লোক আক্ৰান্ত হৈছিল।

বৰ্তমান ৬৩৫ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

উল্লেখযোগ্য যে, যোৱা ২৫ মে ত ৰাজ্যত ১৫৬  গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৬৪১ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।