এপ্ৰিলত পুনৰ ভাৰতত হোৰা-হোৰে বাঢ়িব ক’ভিড-১৯ মহামাৰী, বিজ্ঞানীৰ দাবী

সমগ্ৰ দেশজুৰি এপ্ৰিলৰ মাজভাগত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ তীব্ৰগতিত বৃদ্ধি পাব।

অৱশ্যে মে’ মাহলৈ এই ঢৌ হ্ৰাস পাব।

বিজ্ঞানীসকলে এই ভৱিষ্যদ্বাণী কৰিছে।

সূত্ৰ (SUTRA) নামৰ এক গাণিতীক পদ্ধতিমতে বিজ্ঞানীসকলে যোৱা বছৰো ক’ভিড-১৯ সম্পৰ্কে ভৱিষ্যদ্বাণী কৰিছিল।

বিজ্ঞানীসকলে কৈছিল যে ২০২০ চনৰ আগষ্টত সংক্ৰমণ হোৱা ৰোগীৰ সংখ্যা ছেপ্টেম্বৰত বৃদ্ধি হ’ব আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ই হ্ৰাস পাব।

আইআইটি কাণপুৰৰ এগৰাকী বিজ্ঞানী মনিন্দ্ৰ আগৰৱালে এটা গাণিতীক পদ্ধতিমতে এই ভৱিষ্যদ্বাধী কৰিছে।

আগৰৱালে কয় যে যোৱা কিছুদিনৰ পৰা তেওঁলোকে লাভ কৰা তথ্য অনুসৰি ১৫-২০ এপ্ৰিলৰ ভিতৰত ভাৰতত ক’ভিড-১৯য়ে তীব্ৰৰূপ ধাৰণ কৰিব।

কিন্তু মে’ মাহৰ শেষৰ ফালে ক’ভিড-১৯ৰ ঢৌ তীব্ৰগতিৰে হ্ৰাস হৈ আহিব, বিজ্ঞানীজনে কয়।

”বৰ্তমান, প্ৰতিদিনাই ১ লাখ লোক সংক্ৰমিত হৈছে, কিন্তু ই বাঢ়িবও পাৰে, কমিবও পাৰে।”- তেওঁ কয়।

আনহাতে, হাৰিয়ানাৰ অশোকা বিশ্ববিদ্যালৰ গৌতম মেনন নামৰ বিজ্ঞানীজনেও কয় যে কভিড-১৯ৰ দ্বিতীয়টো ঢৌ এপ্ৰিলৰ মাজভাগৰ পৰা মে’ৰ মাজভাগলৈকে তীব্ৰ ৰূপ ধাৰণ কৰিব।

উল্লেখযোগ্য যে শনিবাৰে ভাৰতত ৮২,১২৯টা নতুন ক’ভিড-১৯ কেচ পোৱা গৈছে।

যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৭১৪টা ক’ভিড সম্পৰ্কীয় মৃত্যুও সংঘটিত হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে।

বৰ্তমানলৈকে ভাৰতত ১২,৩৯২,২৬০টা ক’ভিড কেচ লাভ কৰাৰ লগতে ১৬৪,১১০ জন লোকৰ ক’ভিড-১৯ হৈ মৃত্যু হৈছে।