NORTHEAST NOW (Assamese)

৯১৭লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

October 28, 2020 10:53 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু তিনিগৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯১৭লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ অনিমা ৰাণী দেব (৬৫) আৰু গোলাঘাটৰ প্ৰবীন শ্যাম (৮৩) আৰু বিজয় পাইক (৫৮)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

মঙলবাৰলৈকে অসমত ৯১৪গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৯১,০২৭গৰাকী ব্যক্তিয়ে অসমত মঙলবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ১২,৮৪৫ (।)

মুঠ ২,০৪,৭৮৯গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News