হ্ৰাস পাইছে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ; ডেৰ বছৰৰ ভিতৰত সৰ্বোচ্চ সুস্থতাৰ হাৰ

Covid positive ptients flee

প্ৰতিনিধিত্বমূলক ফটো।

উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়ত দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ সমান্তৰালকৈ সুস্থতাৰ হাৰে আশাৰ পোহৰ দেখুৱাইছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২৯হাজাৰ ৬১৬ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩১হাজাৰ ৩৮২ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৯০ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৬হাজাৰ ৬৫৮জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৮হাজাৰ ৪৬জন।

দেশত এতিয়ালৈকে মুঠ ৩কোটি ২৮ লাখ ৭৬হাজাৰ ৩১৯জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ১হাজাৰ ৪৪২জন।

Latest News: APDCLৰ নিযুক্তি কেলেংকাৰী; মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটে আটক কৰিলে ১০জনক

ইপিনে, দেশত এতিয়ালৈকে ৮৪কোটি ৮৯ লাখ ২৯ হাজাৰ ১৬০ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭১লাখ ৪হাজাৰ ৫১ জন লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে।

আনহাতে, আইচিএমআৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১৫লাখ ২৭হাজাৰ ৪৪৩টা নমুনা পৰীক্ষা কৰা হৈছে।

বৰ্তমান দেশত সুস্থতাৰ হাৰ হৈছে ৯৭.৭৮ শতাংশ। এয়া বিগত বছৰৰ মাৰ্চৰ পাছত সৰ্বোচ্চ সুস্থতাৰ হাৰ। সেইদৰে দেশত কৰ’নাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে ০.৯০ শতাংশলৈ।

ইপিনে, কেৰেলাতো সংক্ৰমণৰ হাৰ সামান্য নিয়ন্ত্ৰণলৈ আহিছে। বিগত ২৪ ঘন্টাত ৰাজ্যখনত ১৮হাজাৰতকৈ কম সংক্ৰমণৰ ঘটনা ঘটিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ সময়ত ইতিমধ্যে উৎসৱৰ বতৰ আৰম্ভ হৈছে।

তাৰ মাজতে কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে। সেয়ে, কৰ’নাৰ পৰা নিজকে মুক্ত ৰাখিবলৈ কৰ’না বিধি অনুসৰণ কৰাটো সকলোৰে বাবে মংগলজনক।