NORTHEAST NOW (Assamese)

ৰংঘৰ বাকৰিত ক’ৰণাই ম্লান কৰিলে ৰঙালীৰ ৰং, ওলমিল তলা

April 17, 2021 1:18 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: April 17, 2021 1:41 pm

দূৰ দূৰণিৰ দেশী বিদেশী পৰ্যটকে দৰ্শন নকৰাকৈয়ে ৰংঘৰৰ পৰা  উভতি যাব লগীয়া হয়।

দেশত ক’ৰণাৰ ভয়াৱহতাৰ বাবে বৃহস্পতিবাৰে মাজ নিশাৰ পৰা সকলো ঐতিহাসিক  সমল দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। যাৰ বাবে আজি পুৱা ৰংঘৰ, তলাতলঘৰ চাবলৈ আহি বিমুখ মনেৰে উভতি যাবলগীয়া হয় বহু দৰ্শনাৰ্থী।

চৰকাৰে হঠাতেে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বহু দৰ্শনাৰ্থীয়ে।

প্ৰশ্ন হয় কিছুদিন পূৰ্বে নিৰ্বাচনৰ সময়ত লাখ লাখ সমৰ্থক লৈ নিৰ্বাচনী ৰেলী বা সভা পতা বিজেপি চৰকাৰে অসমীয়া নৱবৰ্ষৰ পহিলা দিনতে এইদৰে ঐতিহাসিক সমল বিলাক দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া কাৰ্যক একমুখে সমালোচনা কৰিছে ৰাজ্যবাসীয়ে।
দ্বিতীয় বহাগৰ দিনা শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় মুকলি বিহু।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হয় এই মুকলি বিহু।

বিগত আঠ বছৰ ধৰি আছুৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে এই মুকলি বিহুখন। বিহুৰ পৌৰাণিক পৰম্পৰা ধৰি ৰাখি জ্যেষ্ঠজনক বস্ত্ৰ আৰু গুৱাপান দি আৰ্শীবাদ লোৱা, হুঁচৰি আদৰি আনি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনেৰে এই মুকলি বিহু অনুষ্ঠিত হয়।

Related News