বঙাইগাঁৱত একেদিনাই নতুনকৈ ৭১ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

as

বঙাইগাঁও জিলাত ক’ৰোনা মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে ৷ জিলাখনত শনিবাৰে পুনৰ নতুনকৈ ৭১ জন ব্যক্তি ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে ৷

ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২৬৯ জন হৈছে ৷
ইয়াৰ ভিতৰত ২২০ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৯ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

সেইদৰে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১১ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷

জিলাখনত ১ মাৰ্চৰ পৰা ৫ জুনলৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,০৩৩ জন হৈছে ৷

জিলাখনত শনিবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ১.৯ শতাংশ ৷