বঙাইগাঁও জিলাত নতুনকৈ ২২ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

yy

বঙাইগাঁও জিলাত শনিবাৰৰ দিনটোত নতুনকৈ ২২ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷

ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১৪৩ জন আছে  ৷

ইয়াৰ ভিতৰত ৯১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫২ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

সেইদৰে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ২০  জনকৈ ৰোগী ৷ ইপিনে জিলাখনত শনিবাৰে মুঠ ২,২৮৮ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ২৬ জুনলৈকে মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৭৫৮ জন হৈছে ৷ সেইদৰে জিলাখনত শনিবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল  ১.১ শতাংশ৷

উল্লেখ্য যে শনিবাৰে জিলাখনত ১৮ – ৪৪ বছৰ বয়সৰ ভিতৰৰ আৰু ৪৫ বছৰ বয়সৰ ওপৰৰ ব্যক্তিক মুঠ ৩,৫৪৯ পালি ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷

আনহাতে বৰ্তমানলৈকে জিলাখনত মুঠ ১,৬০,১৯৪ পালি ভেকচিন প্ৰদান কৰা হৈছে ৷