NORTHEAST NOW (Assamese)

অসমত আৰু দুগৰাকী কোভিড১৯ ৰোগী সুস্থ; গুৱাহাটী এমএমচিএইচৰ পৰা বিদায়

April 18, 2020 2:11 pm · কল্পজ্যোতি শইকীয়া
Updated: April 18, 2020 2:37 pm

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহম্মদ আৰ্ছাদ আৰু মহম্মদ ৰিজুৱান নামৰ দুগৰাকী কোভিড ৰোগীয়ে আজি চিকিৎসালয়খনৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত কোভিড১৯ ৰোগীকেইগৰাকীক চিকিৎসালয়খনৰ পৰা বিদায় দিয়ে চিকিৎসালয় কতৃপক্ষই।

এই দুগৰাকী ৰোগীক চাৰিবাৰকৈ পৰীক্ষা কৰি ফলাফল ঋণাত্মক (Negative) ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰীয়ে জনায়।

এতিয়া তেওঁলোকক নিজ গৃহতে ১৪ দিন আছুতীয়াকৈ ৰখা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ এই দুয়োজন ব্যক্তিৰ ঘৰ উত্তৰ প্ৰদেশৰ চামেলি জিলাত।

বৰ্তমানলৈকে অসমত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্য ১১ গৰাকী হ’লগৈ৷

উল্লেখযোগ্য যে কালি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা হাইদৰ আলি (৬২), ৱাহিদা বেগম (৩০), য়াকুব আলি (৫১) আৰু ৰুমা বেগম (৩৮)ক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

ইয়াৰ পূৰ্বে যোৱা দুদিনত সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা তিনিজন সুস্থ ব্যক্তিক ঘৰলৈ যাবলৈ দিয়া হৈছিল।

Related News