অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আজি নতুনকৈ এজন লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা লোকজনৰ সৈতে মেঘালয়ত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৭৩ গৰাকীলৈ বৃদ্ধি পায়।
নতুনকৈ আক্ৰান্ত হোৱা লোকজন অসমৰ পৰা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ তুৰালৈ গৈছিল। টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে মুখ্য মন্ত্ৰী কনৰাড চাংমাই।
মেঘালয়ত ক’ৰ’না আক্ৰান্ত ৭৩ গৰাকী লোকৰ ভিতৰত ৪৪ গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠাৰ বিপৰীতে ২৯ গৰাকী লোকে এতিয়ালও বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে।
One more person who came from Assam has tested positive for COVID19 In Tura.
Total Active Cases 29
Total Recovered Cases 43— Conrad Sangma (@SangmaConrad) July 6, 2020
উল্লেখ্য যে অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পাছত মেঘালয় চৰকাৰে গুৱাহাটীৰ সীমামুৰীয়া অঞ্চলসমূহত ল’কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।