NORTHEAST NOW (Assamese)

অসমত এক লাখ অতিক্ৰম ক’ভিডৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যাৰ

September 8, 2020 11:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ভিড১৯ৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যাই অসমত মঙলবাৰে এক লাখৰ সীমা অতিক্ৰম কৰিছে।

নতুনকৈ চিকিৎসালয় এৰা ২১৬৬গৰাকী ব্যক্তিৰ সৈতে অসমত ক’ভিডৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যা মঙলবাৰে হৈছেগৈ ১,০১,২৩৯ (।)

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৯,২০৩ (।)

ইপিনে ২৫৭৯গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.৪৮ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৪,৪৬২টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ মাজত আছে কামৰূপ মহানগৰৰ ৭২৯, ডিব্ৰুগড়ৰ ১৬০, যোৰহাটৰ ১৪৬ আৰু ধেমাজিৰ ১১০গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৩০,৮২৩গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ওদালগুৰিৰ আজিজুৰ ৰহমান (৫৩), হোজাইৰ ৰীনা ভূঞা শইকীয়া (৬৩), কামৰূপ মহানগৰৰ ভানু চন্দ্ৰ দে (৬৬), ডিব্ৰুগড়ৰ পৰাগ কুমাৰ বৰা (৫৩) আৰু দিলীপ কুমাৰ ফুকন (৫৪), কাছাৰৰ শানু সূত্ৰধৰ (৩৭), যোৰহাটৰ অঞ্জলি ৰাণী দত্ত (৬০) আৰু বঙাইগাঁৱৰ ৰাজেশ সুবেদী (৪১)।

Related News