• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত বিশাল সমাৱেশত চিপিআইএমৰ দাবী- ‘মোডী চৰকাৰে কাঢ়ি লৈছে শ্ৰমিক শ্ৰেণীৰ অধিকাৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2023 8:30 am
গুৱাহাটীত শনিবাৰে আশা আৰু অংগনৱাড়ী কৰ্মীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক কৃষক-শ্ৰমিকৰ  সমাৱেশ।

গুৱাহাটীত শনিবাৰে আশা আৰু অংগনৱাড়ী কৰ্মীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক কৃষক-শ্ৰমিকৰ সমাৱেশ।

174
VIEWS
Share on FacebookShare on Twitter

চৰকাৰ আৰু নিয়োগকৰ্তাৰ পৰা ‘মাননি’  নহয়, ‘মজুৰি’ৰ দাবী তুলি শনিবাৰে সহস্ৰাধিক আশা আৰু অংগনৱাড়ীৰ দৰে কৰ্মী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলে গুৱাহাটীত সমবেত হয়।তেওঁলোকে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে তেওঁৰ চৰকাৰে শ্ৰমিক শ্ৰেণীৰ অধিকাৰ কাঢ়ি লৈছে।

গুৱাহাটীৰ সোণাৰাম স্কুল খেলপথাৰত ভাৰতীয় নিৰ্মাণ কৰ্মী ফেডাৰেচন (CWFI)ৰ দশম সন্মিলনৰ প্ৰথম দিনা এখন মুকলি সভাত তেওঁলোকে অংশগ্ৰহণ কৰিছিল।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰবীণ চিপিআই (এম) নেতা হেমেন দাসে অভিযোগ কৰে যে ২০১৪ চনৰ পৰা মোডী চৰকাৰে দেশৰ আন যিকোনো চৰকাৰতকৈ অধিক শ্ৰমিক বিৰোধী পদক্ষেপ গ্ৰহণ কৰিছে।

“সেয়েহে আশা আৰু অংগনৱাড়ী কৰ্মীৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈকে সকলোৱে এতিয়া তেওঁলোকৰ প্ৰাপ্য দাবী কৰি ওলাই আহিছে। তেওঁলোকে বিচাৰে যে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হওক যাতে তেওঁলোকে ইয়াৰ সুবিধাখিনি লাভ কৰিব পাৰে।

প্ৰাক্তন বিধায়ক তথা প্ৰবীণ কমিউনিষ্ট নেতাগৰাকীয়ে দৃঢ়তাৰে কয়, “তেওঁলোকে মাননি নহয়, তেওঁলোকৰ মজুৰিহে বিচাৰিছে।”

আনহাতে, চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে ৰাজ্যৰ সকলো প্ৰান্তৰ লোক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে।

তালুকদাৰে লগতে কয়, “মোডী চৰকাৰে জনসাধাৰণৰ অধিকাৰ কাঢ়ি লৈছে।  সাধাৰণ লোকসকলে এতিয়া য’তেই পাৰে সমবেত হৈ চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিসমূহৰ প্ৰতিবাদ কৰি আছে।‘’

ট্ৰেড ইউনিয়ন আৰু ৰাজ্যৰ বিভিন্ন বাওঁপন্থী দলৰ নেতাসকলে সন্মিলনখনত অংশগ্ৰহণ কৰে।

Recent News

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd