জনগণৰ জৰুৰী সমস্যা সমাধানৰ দাবীত মহানগৰীত চিপিআইৰ গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ

WhatsApp Image 2020-06-23 at 12.47.00 PM

জনগণৰ জৰুৰী সমস্যা সমাধানৰ দাবীত চিপিআই অসম ৰাজ্য পৰিষদে আজি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে।

ৰাজগড়স্থিত চিপিআই অসম ৰাজ্য পৰিষদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰে।

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ সংগ্ৰামত স্বাস্থ্য সম্পৰ্কীয় সকলো নিৰ্দেশনাৱলী মানি চলাৰ লগতে প্ৰতি মাহৰ দ্বিতীয় শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰিবলৈ আহ্বান জনায়।

মহানগৰীকে ধৰি ৰাজ্যৰ সকলো চহৰ নগৰৰ ৰাস্তা ঘাট, নলা নৰ্দমা, ৰাজহুৱা স্থান আৰু ব্যক্তিগত স্থানসমূহ চেনিটাইজ কৰাৰো দাবী জনায় চিপিআই-এ।

আয়কৰ পৰিশোধ নকৰা প্ৰতিটো পৰিয়ালক ৭৫০০ টকাকৈ ছমাহলৈ নগদ ধনৰ লগতে ১০ কেজিকৈ চাউল আৰু খাদ্য শস্য দিয়াৰ দাবী উত্থাপন কৰে দলটোৱে।

আৱদ্ধ শ্ৰমিকক নিজ গৃহলৈ যোৱাৰ বাবে পৰিবহন খাদ্য আৰু পানীৰ ব্যৱস্থা কৰাৰ লগতে এমজিএনৰেগা আঁচনিৰ অধীনত শ্ৰমিকক ২০০ দিনৰ কাম আৰু বৰ্ধিত মজুৰি প্ৰদানৰ দাবী জনাই দলটোৱে।

ৰাজ্যত শেহতীয়াকৈ হোৱা গণহত্যাৰ উপযুক্ত তদন্ত কৰি ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে পৰিয়ালসমূহক নিম্নতম ১০ লাখ টকাৰ সাহায্য দিবলৈও দাবী জনাইছে দলটোৱে।

বাঘজান ঘটনাৰ চিবিআই অথবা উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত তদন্ত হব লাগে বুলিও  দাবী জনাইছে চিপিআই-এ।

দিহিং পাটকাইত কয়লা, ডিব্ৰু চৈখোৱাত তৈলজাত সামগ্ৰীৰ মুক্ত খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে দলটোৱে ।