চিপিআই(এম)ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক, কেৰালাৰ বাওঁ-গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ প্ৰাক্তন শিক্ষা-সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ এম এ বেবী দুদিনীয়া কাৰ্যসূচী লৈ আজি ৮ ছেপ্টেম্বৰৰ সন্ধিয়া গুৱাহাটী পাবহি।
বৰঝাৰৰ এলজিবি বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক পাৰ্টিৰ ৰাজ্যিক নেতৃবৃন্দ আৰু কৰ্মীসকলে আদৰণি জনাব।
৯ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত প্ৰথমে তেওঁ চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে দীঘলী পুখুৰীৰ পাৰত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জনতাৰ শিল্পীজনাৰ প্ৰতিমূৰ্তিত মাল্যদান কৰিব।
ইয়াৰ পাছতে পাৰ্টিৰ প্ৰাক্তন সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰিৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে দিনৰ ১১.৩০ বজাত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি ‘সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা’ শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ দিব।
সভাত সকলো গণতান্ত্ৰিক ৰাইজৰ উপস্থিতি পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে কামনা কৰিছে। ৯ ছেপ্টেম্বৰৰ সন্ধিয়া চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিতব্য পাৰ্টিৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সভা আৰু ১০ ছেপ্টেম্বৰৰ পুৱাৰ পৰা আৰম্ভ হ’ব লগা ৰাজ্যিক কমিটিৰ পূৰ্ণাংগ সভাত তেওঁ অংশগ্ৰহণ কৰি সিদিনাই সন্ধিয়া উভতি যাব। যোৱাৰ পূৰ্বে ১০ ছেপ্টেম্বৰৰ দুপৰীয়া এখন সংবাদ মেলো তেখেতে সম্বোধন কৰিব।