বিজেপিৰ বাবে কৰ্মই ধৰ্ম নহয়, ধৰ্মই কৰ্ম হৈ পৰিছে : চিপিআই-এম এল

index76

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে চিপিআই-এম এলৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

গুৱাহাটী প্ৰেছ ক্লাৱত আজি এক সংবাদমেল অনুষ্ঠিত কৰি চিপিআই (এম এল) য়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

অনুষ্ঠানত চিপিআই(এম-এল) অসম ৰাজ্যিক সমিতিৰৰ সম্পাদক ৰুবুল শৰ্মাৰ লগতে সদস্য বিবেক দাস উপস্থিত থাকে ৷

অসম ৰাজ্যিক সমিতিৰ সদস্য বিবেক দাসে কয় যে বিজেপিৰ ধংসকাৰী নীতিৰ বিৰুদ্ধে অসমৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মুলত তিনিটা বিষয়ত চিপিআই (এম-এলৰ)য়ে প্ৰচাৰ অভিযান চলাব ৷

কা বিৰোধী সকলো শক্তি এক হোৱা, অখিল গগৈসহ কা বিৰোধী সকলো প্ৰতিবাদকাৰীক মুকলি কৰা, জাগীৰোডৰ পৰা মাইক্ৰ’ফাইনেন্সৰ যি আগ্ৰাসন তাৰ বিৰুদ্ধে সজাগ কৰা উদ্দেশ্যে চলিব এই প্ৰচাৰ অভিযান ৷

তেওঁ লগতে কয়, ‘’কা আনি বিজেপি চৰকাৰে অসমক এক কাৰাগাৰত পৰিণত কৰিছে ৷ মানুহৰ জীৱন-জীৱিকাৰ ওপৰত আক্ৰমণ নমাইছে ৷ আগতে দেশ ঋণগ্ৰস্ত আছিল আৰু এতিয়া নাগৰিকক প্ৰত্যেক্ষ ভাবে ঋনগ্ৰস্ত কৰিছে ৷ মাইক্ৰ’ফাইনেন্সত শ শ মহিলা ঋণগ্ৰস্ত হৈ পৰিছে ৷’’

অখিল গগৈৰ লগতে কা বিৰোধী আন্দোলনত প্ৰতিবাদ কৰা সকলক অন্যায়ভাবে বন্দী কৰি ৰখা হৈছে ৷ চিপিআই(এম-এল) অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা শাসকীয় দল বিজেপিৰ যি ঘৃণনীয়,স্বৈৰতান্ত্ৰিতা তাক দলে গৰিহনা দিয়ে ৷

উক্ত কাৰ্য্যৰ বাবে কা বিৰোধী সকলো শক্তিক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় চিপিআই(এম-এল)ৰ অসম ৰাজ্যিক সমিতিয়ে৷

সমিতিয়ে জানিবলৈ দিয়া মতে  দলটোৱে ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৫ মাৰ্চলৈ তেওঁলোকৰ প্ৰচাৰ অভিযান চলাব।

ইপিনে, বিজেপিৰ নীতি সন্দৰ্ভত সমালোচনা কৰি দলটোৰ নেতাগৰাকীয়ে কয় যে প্ৰাচীন কালৰ বাণীসমূহ বিজেপিয়ে মোহাৰিছে ৷ গীতাত আছিল কৰ্মই ধৰ্ম আৰু তাক বিজেপিছে কৰিছে ধৰ্মই কৰ্ম ৷

দিল্লীৰ ঘটনাক কেন্দ্ৰ কৰি তেওঁ কয় যে বিজেপি চৰকাৰৰ দিনত হিংসাই হৈছে পৰম ধৰ্ম ৷ সংবিধানৰ গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা সলনি কৰি দিব বিচাৰিছে বিজেপিয়ে।