দলৰ ফলাফলত হতাশ সীতাৰাম য়েচুৰী; পশ্চিম বংগতকৈ কেৰালাৰ ফলাফলক লৈ বেছি চিন্তিত কমিউনিষ্ট নেতাজন

শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত চিপিএমৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল। চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে এক সাক্ষাৎকাৰত কয় যে এইবাৰৰ ফলাফলত দলটো অতি হতাশ। তেওঁৰ মতে, যদিও বিগত লোকসভা নিৰ্বাচনৰ তুলনাত দলৰ আসন বৃদ্ধি পাইছে, কিন্তু দলৰ গণ ভিত্তি, সাধাৰণ জনতাৰ দৈনন্দিন সমস্যাৰ ওপৰত দলৰ অবিৰত কাৰ্যসূচী লোকসভা নিৰ্বাচনত প্ৰতিফলিত হোৱা নাই।

ইয়াৰ উত্তৰত চিপিএমৰ পলিটব্যুৰ’ই দুদিন পূৰ্বে লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক বিবৃতি দি দলৰ ফলাফল বেয়া বুলি কয়। তাৎপৰ্যপূৰ্ণভাৱে কেৰালাৰ ফলাফলক লৈ দলটোৱে বিশেষ উদ্বেগ প্ৰকাশ কৰে। ইয়াত বংগৰ বেয়া ফলৰ কথা উল্লেখ কৰা হোৱা নাই। আচলতে কেৰালাৰ বাহিৰে আন কোনো ৰাজ্যৰ উল্লেখ নাই। অৱশ্যে বহুদিনৰ মূৰত ৰাজস্থানত এখন আসন লাভ কৰে চিপিএমে।

আনহাতে, বংগতো এইবাৰো চিপিএমকে ধৰি বাওঁপন্থীয়ে আসন লাভ কৰিব নোৱাৰিলে। কিন্তু কেৰালাত ৮ বছৰ ক্ষমতাত থকা সত্ত্বেও ২০খন আসনৰ ভিতৰত মাত্ৰ এখন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে দলটোৱে। তাত বিজেপিয়ে এখন আসনত জয়লাভ কৰাৰ উপৰিও এইবাৰ কংগ্ৰেছেও যথেষ্ট সফলতা অৰ্জন কৰে।

বামপন্থী দলটোৰ অস্বস্তি আৰু অধিক বৃদ্ধি কৰি কংগ্ৰেছে ৰাজপথলৈ ওলাই আহি তাত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ পদত্যাগৰ দাবী জনাইছে। কংগ্ৰেছ শিবিৰৰ দাবী যে লোকসভাৰ ফলাফলত স্পষ্ট হৈছে বিজয়ন চৰকাৰৰ বিৰুদ্ধে ৰাইজে ঠিয় দিছে।