‘এনকাউণ্টাৰ’ ৰাজনীতিৰ বিৰুদ্ধে বঙাইগাঁৱত চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

পুলিচৰ জিম্মাত অভিযুক্তক হত্যা কৰা ‘এনকাউণ্টাৰ’ ৰাজনীতিৰ বিৰুদ্ধে চিপিআই (এম)ৰ বঙাইগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ‘পুলিচৰাজ’ নহয়, আইনৰ শাসন অক্ষুন্ন ৰাখক শীৰ্ষক শ্লোগানেৰে বঙাইগাঁও চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত দলটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ৰূপায়ণ কৰা দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে অসমত আইনৰ শাসন প্ৰতিষ্ঠিত কৰাৰ ব্যৱস্থা কৰক, এনকাউণ্টাৰৰ নামত যধে মধে হত্যা কৰা বন্ধ কৰক, অসমৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ ব্যৱস্থা কৰক, এনকাউণ্টাৰৰ নামত ৰাজনীতি বন্ধ কৰক, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, বটদ্ৰৱাকাণ্ডৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰক আদি শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে অৱস্থান ধৰ্মঘটস্থলীত চিপিআই(এম) ৰ জিলা সমিতিৰ সম্পাদক পৰিমল চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কিছুমান দুৰ্বৃত্তই বটদ্ৰৱা থানা জ্বলাই দিছে ৷

এনে ঘটনাক দলে নিন্দা কৰিছো আৰু সেই দোষীসকলক শাস্তি দিয়াৰ বাবে আমি দাবী উত্থাপন কৰিছো ৷ কিন্ত সেই ঘটনাৰ আলম লৈ সেই অঞ্চলৰ ৰাইজৰ ওপৰত চৰকাৰী তৎপৰতাত পুলিচে যি জুলুম চলাইছে আৰু পুলিচৰ জিম্মাত মানুহৰ মৃত্যু হোৱাৰ ঘটনা ইতিমধ্যে ঘটিছে ৷

সেয়ে এই সমস্ত ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰিছো, যাতে দোষীক শান্তি দিব পৰা যায় ৷ লগতে অসমত যাতে পুলিচৰাজ প্ৰতিষ্ঠা কৰাৰ যি প্ৰচেষ্টা চলিছে, তাক প্ৰতিহত কৰি আইনৰ শাসন সুপ্ৰতিষ্ঠিত কৰিব পৰা যায় তাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলি উল্লেখ কৰে ৷

কেৱল বঙাইগাঁৱতে নহয় বৰং সমগ্ৰ অসমতে দলটোৱে ৰাজ্যখনত পুলিচৰাজ নহয় ,যাতে আইনৰ শাসন প্ৰতিষ্ঠিত কৰিব পৰা যায় আৰু এনকাউণ্টাৰৰ নামত যি ৰাজনীতি চলিছে এই ৰাজনীতি বন্ধ কৰি যিসকল এইক্ষেত্ৰত দোষী ৰাইজৰ ফালৰ পৰাও হ’ব পাৰে,পুলিচৰ ফালৰ পৰাও হ’ব পাৰে সেই দোষীসকলক উচিত তদন্তৰ জৰিয়তে শান্তি দিয়াৰ দাবী উত্থাপন কৰে জিলা সমিতিৰ সম্পাদক গৰাকীয়ে ৷