সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূখণ্ডসমূহ বেদখল মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ উচ্ছেদ অভিযান চলাই আছে। শেহতীয়া খবৰ অনুসৰি উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানৰ পিছতে বন বিভাগে ডিমৰিয়া মহকুমা প্ৰশাসনৰ সহযোগত শনিবাৰে পুৱা সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত নিৰ্মিত এখন অবৈধ ৰিজৰ্ট উচ্ছেদ কৰে।
প্ৰাপ্ত খবৰ অনুসৰি অসমৰ ডিমৰীয়া মহকুমাৰ কমাৰকুছিৰ অন্তৰ্গত মাৰ্কদোলা সংৰক্ষিত বনাঞ্চলত নিৰ্মিত এখন ৰিজৰ্ট, অবৈধ ভাবে বেদখল কৰি নিৰ্মান কৰা বুলি নিশ্চিত হোৱাৰ লগে লগে বন বিষয়া আৰু প্ৰশাসনিক বিষয়াৰ যৌথ দলে সেই স্থানত উপস্থিত হৈ বুলডজাৰ আৰু গধুৰ মেচিন ব্যৱহাৰ কৰি ৰিজৰ্ট্খন ভাঙিবলৈ আৰম্ভ কৰে।
প্ৰায় এক হেক্টৰ সংৰক্ষিত ভূমিত বিস্তৃত এই ৰিজ’ৰ্টখন অৰূপ কুমাৰ দাস নামৰ এজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিল বুলি অভিযোগ উঠিছে, যিজনে অবৈধভাৱে মূল্যৱান বনজ গছ কাটি, এটা পাহাৰৰ কিছু অংশ নিৰ্মাণ কামৰ বাবে সমতল কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিষয়াসকলৰ মতে, প্ৰায় এবছৰ ধৰি দাসে বন সংৰক্ষণ আইন আৰু ভূমি ব্যৱহাৰৰ নিয়ম উলংঘা কৰি গোপনে নিৰ্মাণ কাৰ্য্য চলাই আহিছিল।
বন বিভাগৰ এজন বিষয়াই কয় যে এইটো সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ বেদখল আছিল সেয়া স্পষ্ট। তেওঁ লগতে কয়, “কেৱল গছ কটাই নহয়, পাহাৰৰ ভূ-প্ৰকৃতিও সলনি কৰিছিল। এনে কাৰ্য্যই জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।”
স্থানীয় পৰিৱেশ কৰ্মীসকলে এই পদক্ষেপক প্ৰশংসা কৰি বন সংৰক্ষণ আইন বলবৎ কৰা আৰু বেদখলকাৰীক জবাবদিহি কৰাৰ দিশত এক অতি প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰিছে।বিষয়াসকলে কয় যে অবৈধ নিৰ্মাণ আৰু বনাঞ্চল ধ্বংসৰ বাবে দায়ীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই কাৰ্যকলাপৰ সৈতে অধিক লোক জড়িত নেকি বা ওচৰৰ বনাঞ্চলত অনুৰূপ উলংঘা সংঘটিত হৈছে নেকি সেই বিষয়ে অধিক তদন্ত চলি আছে বুলি জানিব পৰা গৈছে।