ছেল্ফি তোলাৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে আক্ৰমণ। ক্ৰিকেটাৰ পৃথ্বী শ্ব’ক প্ৰাণে মৰাৰ চেষ্টা! ভাঙি পেলোৱা হ’ল তেওঁৰ বন্ধুৰ গাড়ী। মুম্বাইত সংঘটিত হৈছে এই ঘটনাটো। মুম্বাই আৰক্ষীয়ে অভিযোগৰ ভিত্তিত আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ক্ৰিকেটাৰ পৃথ্বী শ্ব’ বুধবাৰে তেওঁৰ বন্ধুবৰ্গৰ সৈতে নৈশ ভোজনৰ বাবে মুম্বাইৰ এখন বিলাসী হোটেললৈ গৈছিল। তাত যুৱক-যুৱতীৰ এটা দলে তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁক ছেল্ফি ল’বলৈ কৈছিল। পৃথ্বীয়ে দুজনৰ সৈতে এখন ছেল্ফি তুলিছিলো।
কিন্তু অলপ সময়ৰ পিছত যুৱক-যুৱতীৰ দলটো পুনৰ ঘূৰি আহে। এইবাৰ আন কেইজনমানে ছেল্ফি বিচাএ। পৃথ্বীয়ে তেওঁলোকক কয় যে তেওঁ অলপ অকলে সময় কটাব বিচাৰে। বাৰে বাৰে ছেল্ফিৰ চাহিদা পূৰণ কৰাটো সম্ভৱ নহয়। তথাপিও দলটোৱে তেওঁক বিৰক্ত কৰি থাকে।
অৱশেষত যুৱ ক্ৰিকেটাৰজনৰ বন্ধুজনে হোটেল কৰ্তৃপক্ষক কথাটো অৱগত কৰিবলৈ বাধ্য হয়। হোটেলৰ মেনেজাৰজন আহি অভিযুক্তসকলক হোটেলৰ পৰা উলিয়াই দিয়ে।
ইয়াতেই ক্ষুব্ধ হৈ দলটোৱে পৃথ্বী আৰু তেওঁৰ বন্ধুক আক্ৰমণ কৰে। অভিযোগ কৰা হৈছে যে তেওঁলোকে বেছবলৰ বেট লৈ হোটেলৰ বাহিৰত অপেক্ষা কৰি আছিল। পৃথ্বী হোটেলৰ পৰা ওলাই অহাৰ লগে লগে যুৱক-যুৱতীৰ দলটোৱে আক্ৰমণ কৰে। পৃথ্বীয়ে লগে লগে তেওঁৰ বন্ধুৰ বিএমডব্লিউ গাড়ীত প্ৰৱেশ কৰে।
অভিযুক্তসকলে গাড়ীখন ভাঙি পেলায়। গাড়ীখনৰ গ্লাছ বেছবলৰ বেটেৰে ভাঙি পেলোৱা হয়। যেতিয়া পৃথ্বীয়ে আন এখন গাড়ীত ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰে, যুৱক-যুৱতীৰ এটা দলে গাড়ীখনলৈকেও খেদি যায়। এইবাৰ আকৌ এগৰাকী মহিলা গৈ পৃথ্বীৰ পৰা টকা দাবী কৰে। টকা নিদিলে ভুৱা গোচৰ ৰুজু কৰাৰ ভাবুকিও দিয়ে।
অৱশেষত পৃথ্বীৰ বন্ধুৱে ওচিয়াৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে। আৰক্ষীয়ে এতিয়ালৈকে তদন্তত নামি আঠজনক গ্ৰেপ্তাৰ কৰিছে। আন কেইবাজনৰ বাবে অভিযান চলাই থকা হৈছে।