পাহাৰত বৰফৰ মাজত প্ৰেম-ৰোমাঞ্চত ডুব গ’ল ক্ৰিকেটাৰ ঋষভ পন্ট; শ্বেয়াৰ কৰিলে ফটো

rishabh_755_010320102447

নিজৰ প্ৰেয়সী বান্ধৱীৰ সৈতে ক্ৰিকেটাৰ ঋষভ পন্ট। ফটো: ইনষ্টাগ্ৰাম

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকাসকলে খ্ৰীষ্টমাছ আৰু নতুন বছৰ উদযাপন কৰিবৰ বাবে নিজৰ নিজৰ সংগীসকলক লৈ বিশ্বৰ বিভিন্ন অংশত ভ্ৰমণ কৰে।

ক্ৰিকেটাৰসকলে ২০২০ বৰ্ষৰ ক্ৰিকেট চিজনত যোগদান কৰাৰ পূৰ্বে নিজৰ পৰিয়াল তথা বন্ধুৰ সৈতে আনন্দেৰে সময় কটায়।

ইয়াৰ মাজতে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই চাৰ্বিয়াৰ মডেল-অভিনেত্ৰী নাতাশাৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰে।

ইপিনে ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্টেও নিজৰ গাৰ্লফ্ৰেণ্ড ইশা নেগীৰ সৈতে বৰফে ঢকা পাহাৰৰ মাজত প্ৰেম-ৰোমাঞ্চত ডুব যোৱা দেখা গ’ল।

বাইশ বছৰীয়া পন্টে শুকুৰবাৰে তেওঁৰ গাৰ্লফ্ৰেণ্ড ইশা নেগীৰ সৈতে এক ঘনিষ্ঠ মুহূৰ্তৰ ফটো প’ষ্ট কৰে। প’ষ্টটোত লিখা হৈছে-‘’ মই যেতিয়া তোমাৰ লগত থাকো, মোৰ মন ভৰি পৰে।‘’

প্ৰেয়সী বান্ধৱীৰ সৈতে ঋষভ পন্ট। ফটো: ইনষ্টাগ্ৰাম

ইশায়ো নিজৰ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি আৱেগিকভাৱে লিখিছে,’এয়া আমাৰ পঞ্চম বছৰ।‘

যোৱা বছৰ জানুৱাৰিত ঋষভ পন্টে প্ৰথমবাৰ তেওঁৰ এই একাত্ম বান্ধৱীৰ সৈতে নিজৰ ফটো প’ষ্ট কৰিছিল যদিও তেওঁৰ সৈতে প’জ দিয়া সুন্দৰীৰ পৰিচয় মুকলি কৰা নাছিল।

ইশা নেগী দিল্লীৰ এগৰাকী এন্টাৰপ্ৰিনিয়ৰ আৰু ইন্টেৰিয়ৰ ডেক’ৰ ডিজাইনাৰ। ইশা নতুন দিল্লীৰ কনভেন্ট অফ যীশাছ এণ্ড মেৰীৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু তেওঁ এমিটি য়ুনিভাৰ্ছিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।

ইপিনে, শ্ৰীলংকাৰ বিৰুদ্ধে টী-২০ ছিৰিজেৰে টীম ইণ্ডিয়াৰ ঘৰুৱা ছিৰিজ আৰম্ভ হ’বলৈ গৈ আছে।

উইকেটকীপাৰ-বেটছমেন ঋষভ পন্টে নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ লক্ষ্যেৰে খেলপথাৰত নামিব। ৫জানুৱাৰিত গুৱাহাটীত ছিৰিজটোৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব।