ফুটবল ইতিহাসত ৮০০ গলৰ ক্লাৱত সোমোৱা প্ৰথম তাৰকাৰ অভিলেখ ৰচিলে ৰোনাল্ডোৱে

Cristiano Ronaldo

বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠতম তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে অন্য এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে।

বৃহস্পতিবাৰে আৰ্চেনেলৰ বিৰুদ্ধে ৩-২ গ’লৰ জয়ত ম্যানচেষ্টাৰ ইউনাইটেডৰ হৈ দুটাকৈ গল স্ক’ৰ কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ফুটবল ইতিহাসত ৮০০ গল স্ক’ৰ কৰা প্ৰথমজন তাৰকাত পৰিণত হৈছে।

ৰোনাল্ডোৱে নিজৰ কেৰিয়াৰত ইউনাইটেডৰ হৈ ১৩০ টা, স্প’ৰ্টিং লিছবনৰ বাবে ৫ টা, ৰিয়েল মাদ্ৰিদৰ হৈ ৪৫০, জুভেণ্টাছৰ হৈ ১০১ আৰু পৰ্তুগালৰ হৈ ১১৫ টা গ’ল স্ক’ৰ কৰিছে।

তেওঁ পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল, চেম্পিয়নছ লীগ আৰু ৰিয়েল মাদ্ৰিদৰ হৈ সৰ্বকালৰ শীৰ্ষ স্ক’ৰাৰ হিচাপে ইতিমধ্যে অভিলেখ ৰচিছে।

ফুটবলৰ সৰ্বকালৰ শীৰ্ষ স্ক’ৰাৰৰ ক্ষেত্ৰত অৱশ্যে এক বিতৰ্কৰ সৃষ্টি হৈছে। কিয়নো ফুটবল ইতিহাসৰ সৰ্বাধিক গলদাতাৰ পৰীক্ষা কৰিবলৈ নিৰ্দিষ্ট তথ্য তালিকা নাছিল। অৱশ্যে ৰোনাল্ডো নিশ্চিতভাৱে অফিচিয়েল গেমৰ গলদাতাৰ তালিকাত শীৰ্ষত আছে।

চেক ফুটবল সংস্থাই কয় যে চেকোস্লোভাকিয়া আৰু অষ্ট্ৰিয়াত খেলা জোচেফ বিকানে অফিচিয়েল মেচত ৮২১ টা গ’ল কৰিছিল। আনহাতে আন এক তথ্য মতে তেওঁৰ গলৰ সংখ্যা ৮০৫ টা। কিন্তু ইয়াৰ ভিতৰত ৰিজাৰ্ভ দল আৰু অনানুষ্ঠানিক আন্তৰ্জাতিক গলৰ সংখ্যাও সংযোগ কৰা হৈছে।

ব্ৰাজিলৰ কিংবদন্তী পেলে আৰু ৰোমাৰিঅ’ই ১,০০০ তকৈ অধিক গল কৰা বুলি কোৱা হয় যদিও অনানুষ্ঠানিক পৰিসংখ্যা RSSF ৰ মতে পেলেৰ আনুষ্ঠানিক গলৰ সংখ্যা ৭৬৯ টা। আনহাতে ৰোমাৰিঅ’ আৰু ফেৰেংক পুস্কাছে আনুষ্ঠানিক কেৰিয়াৰত ৭৬১ টা গল স্ক’ৰ কৰিছে বুলি এই তথ্যত প্ৰকাশ পাইছে।

আনহাতে বৰ্তমান সক্ৰিয় খেলুৱৈৰ ভিতৰত বিশ্বৰ আন এজন শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে ৭৫৬ টা গল স্ক’ৰেৰে ৰোনাল্ডোৰ পিছতে অৱস্থান কৰিছে।