মুখ্যমন্ত্ৰীৰ তৎপৰতাত জটিল ৰোগত আক্ৰান্ত শিৱসাগৰৰ যুৱকক উন্নত চিকিৎসাৰ ব্যৱস্থা

dog

*

শিৱসাগৰ অতি জটিল ৰোগত আক্ৰান্ত ৩২ বছৰীয়া যুৱকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

শিৱসাগৰৰ GNG ৰোডৰ নিবাসী ননী দেবী নামৰ ৫৬ বছৰীয়া মাতৃ গৰাকীৰ পুত্ৰ চিন্ময় দীৰ্ঘদিনে জটিল ৰোগত ভুগি আছে। উন্নত চিকিৎসাৰ বাবে মাতৃয়ে বিচাৰিছিল চৰকাৰৰ সহায় ৷

এই খবৰ লাভ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে সহায়ৰ হাত। মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে উন্নত চিকিৎসাৰ বাবে চিন্ময়ক বুধবাৰে লৈ যোৱা হৈছে গুৱাহাটীলৈ ।

উল্লেখযোগ্য যে মাতৃয়ে পুত্ৰক এৰি ঘৰৰ বাহিৰলৈ যাব নোৱাৰাৰ বাবেই মাতৃ- পুত্ৰ বঞ্চিত হৈ আছে কভিড ভেকচিনৰ পৰাও ৷

বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসাৰ ব্যৱস্থা কৰাত কৃতজ্ঞতা প্ৰকাশ কৰিছে চিন্ময়ৰ মাতৃ ননী দেৱীয়ে।