চিআৰপিএফৰ জোৱানে বিজেপিৰ হৈ ভোটাৰক অত্যাচাৰ চলোৱাৰ অভিযোগ মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে অভিযোগ কৰে ৰাজ্যখনত কৰ্তব্যৰত চিআৰপিএফ জোৱানসকলে বিজেপিৰ হৈ ভোটাৰসকলক অত্যাচাৰ কৰিছে।

তদুপৰি জোৱানসকলে মহিলাসকলকো আক্ৰমণ কৰিছে বুলি তেওঁ কয়।

নিৰ্বাচন উপলক্ষে কোচ বেহাৰ জিলাৰ এখন ৰেলীত তেওঁ কয় যে জনসাধাৰণক ভোটদান কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগে, চিআৰপিএফসকলে ভোটদাতাসকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ সোমোৱাত বাধা প্ৰদান কৰা অনুচিত।

”মই চিআৰপিএফসকলক সন্মান কৰো- যিসকল প্ৰকৃত জোৱান, কিন্তু মই সেইসকলক সন্মান নকৰো যিসকলে বিজেপিৰ হৈ উপদ্ৰৱ চলাইছে, মহিলাক আক্ৰমণ কৰিছে আৰু জনতাক অত্যাচাৰ কৰিছে।

তদুপৰি মঙলবাৰে আৰামবাঘ সমষ্টিৰ তৃণমূল প্ৰাৰ্থী সুজাতা মণ্ডলক লাঠি আৰু ইটাৰে আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভতো মমতা বেনাৰ্জী সোচ্চাৰ হয়।

”যোৱাকালি, তেওঁলোকে আৰামবাঘক বহুতো অত্যাচাৰ সংঘটিত কৰে। তেওঁলোকে সুজাতা মণ্ডলক বাঁহৰ লাঠিৰে মাৰধৰ কৰে। তেওঁলোকে এজন কৰ্তব্যৰত বিষয়াক মূৰত আঘাত কৰে।”- মমতাই দাবী কৰে।

”মই মানুহক বুলেটেৰে হত্যা কৰিব নোৱাৰো। মই বোমা নিক্ষেপ নকৰো, কিন্তু মই কম যে এটা ভোট অধিক মূল্যৱান। আপোনালোকে কেৱল আমাক ভোটদান কৰিব লাগে।”- তেওঁ কয়।

আনহাতে, নাগৰিকত্ব সংশোধনী আইন (কা) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি) উন্নীতকৰণ সন্দৰ্ভতো বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হয় মমতা বেনাৰ্জী।

”এনআৰচিৰ নামত অসমৰ পৰা ১৪ লাখ বেংগলী ভাষী লোকক বিতাৰণ কৰা হৈছে।”- তেওঁ কয়।