সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া নলবাৰীৰ বীৰ জোৱান নিৰোদ শৰ্মাৰ মৃত্যুত ৰাজ্যবাসী শোকস্তব্ধ হৈ থকাৰ সময়তে আহিল আন এটা দুখবৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত এইবাৰ অসমৰ আন এজন বীৰ জোৱান সুনীল কলিতাই সাৱটিলে মৃত্যুক।
উল্লেখ্য যে যোৱা ২৮মে’ত ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল ২০৯ কোব্ৰা বেটেলিয়নৰ এই বীৰ জোৱান জন। পিছত সংকটজনক অৱস্থাত দিল্লীৰ AIIMSত ভৰ্তি কৰা হৈছিল সুনীল কলিতাক। কিন্তু গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা সুনীল কলিতাই অৱশেষত বৃহস্পতিবাৰে নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে।
ঝাৰখণ্ডৰ চৰাইকিলা জিলাত সংঘটিত হোৱা এই আক্ৰমণত আহত হৈছিল দেশৰ ১৫জন চি আৰ পি এফ জোৱান। উক্ত আক্ৰমণত অসমৰ সুনীল কলিতাৰ লগতে আহত হৈছিল বকোৰ মিজানুৰ ৰহমান আৰু হোজাইৰ শম্ভূ মালা।
উল্লেখযোগ্য যে মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱান সুনীল কলিতাৰ ঘৰ ৰঙিয়াৰ ডিমুত। মাত্ৰ এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা সুনিলৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে নিজৰ পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ ৰাজ্যবাসী।