সাংস্কৃতিক মহাসভাৰ উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান,উত্তৰ পূব সাংস্কৃতিক সমাৰোহ আৰম্ভ

IMG-20190104-WA0001

শিৱসাগৰত সাংস্কৃতিক মহাসভা, অসমৰ উপাধি প্ৰদান অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰত আৰম্ভ হৈছে সাংস্কৃতিক মহাসভা, অসমৰ এক বিশেষ অনুষ্ঠান। বৰৰজা ফুলেশ্বৰী কুঁৱৰী সমন্বয় ক্ষেত্ৰ  বৰ্ডিং খেলপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শনিবাৰে ৰাজ্যৰ ১১১ গৰাকী লোকক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব। ইয়াৰে ২২ গৰাকী লোকক বিভিন্ন উপাধি প্ৰদান কৰা হ’ব।

শুকুৰবাৰে পুৱা সাংস্কৃতিক মহাসভাৰ পতকা উত্তোলন কৰে মহাসভাৰ সভাপতি শংকৰ দাসে। আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী মৃদুস্মিতা সিংহই। সেইদৰে স্মৃতিতৰ্পণ কৰে সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু নীলমণি মহন্তই।

ইয়াৰ পাছতেই মূল তোৰণ আৰু মণ্ডপ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰদীপ মিশ্ৰই। ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধন কৰে বিশ্বনাথ মহাবিদ্যালয় অধ্যক্ষ ড০ মৃদুল কুমাৰ বৰাই। তদুপৰি, আদৰণি সমিতিৰ প্ৰধান সম্পাদক ত্ৰৈলোক্য দত্তই অনুষ্ঠানটোৰ তাৎপৰ্য্য ব্যাখ্যা কৰে।

আজিৰ অনুষ্ঠানটোত ৰাজ্যিক উপাধি প্ৰদান কৰিবলগীয়া ব্যক্তিসকলৰ মাজত আছে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামী, দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱা, সাদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা আৰু স্বৰ্ণকন্যা হিমা দাস।

আনহাতে, অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ-পূব সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে।

শুকুৰবাৰে অনুষ্ঠানৰ পূৰ্বে অনুধুতি মহন্ত আৰু চিত্ৰলেখা বৰগোহাঁইৰ নেতৃত্বত ৰাগ ৰাগিনী সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে এটি বৰগীত পৰিবেশন কৰে আৰু নটৰাজ কলাক্ষেত্ৰৰ শিল্পী সকলে ৰাম বন্দনা, দলীয় নৃত্য পৰিবেশন কৰে।

ইপিনে, সন্ধিয়া দিখৌমুখৰ ‘তেজস্বীনি’ৰ মহিলা সকলে বৰ্ডিং খেল পথাৰৰ মঞ্চত “শকুনিৰ প্ৰতিশোধ, দু:শাসনৰ ৰক্তপান” ভাওনা প্ৰদৰ্শন কৰে।