আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

e0538637-8d5a-43e1-9f07-37e8a06dd218

নগাঁও আনন্দৰাম ঢেকীযাল ফুকন মহাবিদাালয়ৰ হীৰক জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

১৯৫৯ চনত প্ৰতিষ্ঠা হোৱা নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী মহোৎসৱৰ শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসুচী আৰম্ভ হয় এক বৰ্ণাঢ্য বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে। পুৱা দহ বজাত এই শোভাযাত্ৰাৰ উদ্বোধন কৰে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাই।

মহাবিদ্যালয় চৌহদৰ পৰা নগাঁও চহৰৰ মাজেৰে যোৱা এই বিশাল বৰ্ণিল শোভাযাত্ৰাত  প্ৰায় পাঁ‌চ হাজাৰৰো অধিক মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী, ন-পুৰণি অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰী তথা শুভাকাংখী ৰাইজে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ ২২টা বিভাগৰ ছাত্র-ছাত্ৰীয়ে সুকীয়া সুকীয়াকৈ এই শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অংশগ্ৰহণ কৰে। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক অতি সাৱলীল ৰূপত তুলি ধৰা হয়।

নাম-কীৰ্তন, গণেশ বন্দনা, ভাগৱত শোভাযাত্ৰা, ভাওনা, দিহানাম, চাহ জনগোষ্ঠীয় সংস্কৃতি, বেংগলী সংস্কৃতি, পানী তোলা উৎসৱ, বিহু, দেউৰী বিহু, অগ্নিগড়, উষা-অনিৰুদ্ধ প্ৰেম, হৰি-হৰৰ যুদ্ধ, শংকৰী সং‌স্কৃতি, মুখাশিল্প, গায়ন-বায়ন, কেলিগোপাল ভাওনা, নন্দৰ ঘৰলৈ কৃষ্ণৰ মাখন চোৰ, ৰাসলীলা, পাহাৰৰ কৃষি কৰ্ম, নাও খেল, নাম উটুৱা, পিণ্ড দান, বানপানী গৰাখহনীয়া, মহাবাহুৰ মহামিলন, পাৰিজাত হৰণ ভাওনা, তিৱা নৃত্য, কৃষি কৰ্ম, চাংঘৰ, মৎস শিল্প, গোহালি, ম’হহো, পিয়লি ফুকনৰ ফাঁচী, পথৰুঘাটৰ ৰণ, ভাৰত ত্যাগ আন্দোলন, ভাষা আন্দোলন, আলফা স্বাধীনৰ বিপ্লৱকে ধৰি অসংখ্য বিষয়ৰ প্ৰতীকী ৰূপে নগাঁও চহৰৰ আকাশ-বতাহ জীপাল কৰি তোলে।

এই শোভাযাত্ৰাত প্ৰায় ডেৰ হাজাৰৰো প্ৰাক্তন ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰায় ডেৰ কিলোমিটাৰ যোৰা এই বিশাল শোভাযাত্ৰাই হাজাৰ হাজাৰ জনতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

এক বজাৰ পৰা আৰম্ভ হয় গুৰু-শিষ্যৰ মিলন সমাৰোহ। এই অনুষ্ঠানটি মুকলি কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই। বিয়লি  প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি আবুল হাচিম খণ্ডকাৰৰ সভাপতিত্বত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুস্থিত হয়। এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা উদযাপন সমিতিৰ সভাপতি সহজানন্দ ওজা, প্ৰাক্তন ছাত্ৰ তথা অধ্যাপক নৱ মহন্ত, প্ৰাক্তন ছাত্ৰ তথা মানৱাধিকাৰ কৰ্মী লাচিত বৰদলৈ, মহাবিদ্যালয়ৰ প্ৰথমগৰাকী ছাত্ৰী জেৰিন বৰুৱা, প্ৰাক্তন ছাত্ৰ হলিৰাম চমুৱাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰদান কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে আদৰণী ভাষণ প্ৰদান কৰা সভাখনত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদকসকলক সম্বৰ্দ্ধনা জনোৱা হয়।