নৃশংস! প্ৰেমৰ সম্পৰ্কই হৈ পৰিল কালঃ গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দলিত যুৱকে

Dalit man beaten to death

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ কাণ্ড। ৰাজ্যখনৰ মুজাফ্ফৰনগৰত গণপ্ৰহাৰত প্ৰাণ হেৰুৱাইছে এগৰাকী দলিত যুৱকে।

এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাবেই যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰিছে একাংশ লোকে। খটৌলী এলেকাৰ এটা ঘৰত পণবন্দী কৰি নৃশংস প্ৰহাৰ কৰি হত্যা কৰাৰ ২১ বছৰীয়া যুৱকজনক।

দেওবাৰে নিশা ই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

আৰক্ষীয়ে উন্মাদ লোকসকলৰ পৰা যুৱকজনক উদ্ধাৰ কৰি লগে লগে ততাতৈয়াকৈ চিকিৎসালয়লৈ ল যায় যদিও গুৰুতৰভাৱে আহত যুৱকজনক মৃত ঘোষণা কৰে চিকিৎসকে।

নিহত যুৱকজনক অংকিত বুলি চিনাক্ত কৰা হৈছে। নিহত অংকিতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি স্থানীয় এগৰাকী উচ্চপ্ৰদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আনহাতে অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ লগতে সদৰী কৰে।

ইফালে অংকিতৰ পৰিয়ালে আৰক্ষীক দাখিল কৰা এজাহাৰ অনুসৰি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ বাবে দেওবাৰে সন্ধিয়াৰ পৰা অংকিতক ঘৰটোত পণবন্দী কৰি ৰখা হৈছিল।

এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰতো ব্যাপক প্ৰশ্ন উত্থাপন হৈছে।