পাঁচজন যুৱকৰ বিৰুদ্ধে গভীৰ অৰণ্যত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই চাঞ্চল্যকৰ মধ্যপ্ৰদেশৰ সিধি জিলাত মঙলবাৰে নিশা সংঘটিত হয়। অৱশ্যে ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছে অভিযুক্ত। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ সন্ধান আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সেই নিশাই বন্ধুৰ সৈতে চুৰহাটৰ হাবিত ফটো উঠিবলৈ গৈছিল। সেই সময়ত হঠাতে পাঁচজন যুৱকে তেওঁলোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীৰ বন্ধুক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। অভিযোগ অনুসৰি ইয়াৰ পাছতে ভুক্তভোগী মহিলাগৰাকীক অৰণ্যৰ গভীৰতালৈ টানি নি দলবদ্ধ ধৰ্ষণ কৰা হয়। ইয়াৰ পাছতে তাৰ পৰাই পলায়ন কৰে অভিযুক্তই। কোনোমতে মহিলাগৰাকীয়ে হাবিৰ পৰা ওলাই আহি সহায় বিচাৰি ওচৰৰ গাঁওত উপস্থিত হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। গুৰুতৰ অৱস্থাত মহিলাগৰাকীৰ বন্ধুক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে যুৱতীগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে ঘটনাৰ পিছত এই পাঁচজন অভিযুক্তৰ কোনো সন্ধান পোৱা নগ’ল।
এজন আৰক্ষী বিষয়াই কয়, “এয়া এক জঘন্য কাণ্ড। আমি ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। অভিযুক্তক বিচাৰি উলিয়াবলৈও তালাচী চলোৱা হৈছে। চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হৈছে।”